June 26, 2024 11:44 AM

আই চি চি টী-২০ বিশ্বকাপ ক্রিকেটত কাইলৈ আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন ছেমি ফাইনেল

আফগানিস্তান কাইলৈ পুৱা ত্রিনিদাদৰ ব্ৰায়নলাৰা ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টী-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। আনহাতে, ভাৰত কাইলৈ নিশা গায়ানাত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত হ'ব।

June 18, 2024 5:11 PM

আই চি চি টি-২০ বিশ্বকাপত নেপালক পৰাস্ত কৰি বাংলাদেশৰ অন্তিমটো দল হিচাপে ছুপাৰ-৮ত স্থান লাভ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত স্থান পোৱা দলসমূহ নিশ্চিত কৰা হৈছে। বাংলাদেশে নেপালক পৰাস্ত কৰি অন্তিমটো দল হিচাপে ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাত ছুপাৰ এইট পর্যায়ৰ খেলসমূহ কাইলৈ আৰম্ভ হৈ ২৫ জুনত সামৰণি পৰিব। এই পৰ্যায়ৰ প্ৰথমটো গ্ৰুপত ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত কাইলৈ আমেৰিকা ...

June 18, 2024 12:49 PM

আই চি চি টি-টুৱেন্টি বিশ্বকাপত নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ জয়লাভ

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কালি সন্ধিয়া ত্রিনিদাদৰ ব্ৰায়েন লাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউ গিনিক ৭ উইকেটত পৰাজিত কৰে। খেলখনত নিউজিলেণ্ডে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লৈ পাপুৱা নিউ গিনিক ১৯ অভাৰ আৰু ৪টা বলত ৭৮ ৰানতেই সীমিত কৰে। নিউজিলেণ্ডৰ হৈ ল’কি ফার্গুছনে নিজৰ ৪টাকৈ অভাৰত এটাও ৰান নিদি ৩টা উইকেট দখল কৰে। এই সাফল্যৰ জৰিয়তে ফাৰ্গছন টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪টা অভাৰত এটাও ৰান নিদিয়া দ্বিতীয়গৰাকী বলাৰ হিচাপে বিবেচিত হয়। দলৰ হৈ ইশ্...

June 14, 2024 7:55 PM

আই চি চি টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাপুৱা নিউগিনিয়ে ১৯.৫ অভাৰত ৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৫.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। আনহাতে আনখন খেলত ইংলেণ্ডে ওমানক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত ওমানে ১৩ দশমিক ২ অভাৰত ৪৭ ৰান সংগ্ৰক কৰাৰ বিপৰীতে ইংলেে ৩ দশমিক ১ অভাৰত দুটা উইকেট হেৰুৱাই ৫০ ৰান সংগ্ৰহ কৰে। আন খেল নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্...

June 11, 2024 11:17 AM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ ৰোমাঞ্চকৰ খেলত বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ জয়

দক্ষিণ আফ্ৰিকাই যোৱা নিশা নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত কৰে। খেলখনত প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১১৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ হেনৰিক ক্লাছেনে ৪৪টা বলত সৰ্বাধিক ৪৬ ৰানৰ বৰঙণি আগবঢ়ায়। বাংলাদেশৰ টানজিম হাছান ছাকিবে ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১০৯ ৰানহে কৰিবলৈ সক্ষম হয়। দক...

June 4, 2024 11:11 AM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আফগানিস্তানৰ হাতত উগাণ্ডা শোচনীয়ভাৱে পৰাস্ত

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰাণত পৰাস্ত কৰে। আফগানিস্তান দলটোৱে নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ১৮৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উগাণ্ডাই ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫৮ ৰাণহে সংগ্ৰহ কৰে। খেলখনত আফগানিস্তানৰ ফজলহক ফাৰুকীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আনহাতে নিশা ৮ বজাত বার্বাডোজত হ'বলগীয়া দ্বিতীয়খন খেলত পূৰ্বৰ চেম্পিয়ন ইংলেণ্ডে স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

June 3, 2024 11:30 AM

আই চি চি টি-টুৱেণ্টি বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হাতত পাপুৱা নিউগিনি ৫ উইকেটত পৰাজিত

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত খেলত সহ আয়োজক ৱেষ্ট ইণ্ডিজে পাপুৱা নিউগিনিক ৫ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১৩৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৱেষ্ট ইণ্ডিজৰ হৈ ৰষ্টন ছেজে সৰ্বাধিক ৪২ ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰষ্টনক প্লেয়াৰ অব দ্যা মেছ হিচাপে ঘোষণা কৰা হয় ৷ প্রতিযোগিতাত আজি নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত শ্রীলংকাই দক...