September 14, 2024 3:05 PM

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতে চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ১৫ মিনিটত আৰম্ভ হৈছে।

September 11, 2024 1:37 PM

চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছীয় চেম্পিয়নশ্বিপ হকী প্রতিযোগিতাত ভাৰত তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ’ব

যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছীয় চেম্পিয়নশ্বিপ হকী প্রতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ'ব। চাৰিবাৰকৈ খিতাপ দখল কৰা ভাৰতে ইতিপূর্বে আয়োজক দেশ চীনক ৩-০ আৰু জাপানক ৫-১ গ'লত পৰাস্ত কৰিছে। হৰমনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্রতি ৬ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতৰ সুখজিৎ সিং আৰু কোৰিয়া গণৰাজ্যৰ জিহুন য়াঙে প্রতিযোগিতাত যুটীয়াভাৱে সৰ্বাধিক তিনিটাকৈ গ'ল দিয়ে। প্রতিযোগিতাৰ ৰাউণ্ড ৰবীন পৰ্যায়ৰ শীৰ্ষৰ চাৰিটা দলৰ মাজত ১৬ ছেপ্তেম্বৰত ছ...

September 10, 2024 12:52 PM

পুৰুষৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত জাপানৰ বিৰুদ্ধে ভাৰতৰ ৫-১ গ’লত বিজয় সাব্যস্ত

ভাৰতে কালি চীনৰ হুলুনবুৰত অনুষ্ঠিত পুৰুষৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত জাপানৰ বিৰুদ্ধে ৫-১ গ'লত বিজয় সাব্যস্ত কৰে। ভাৰতৰ হৈ সুখজীত সিঙে খেলৰ দ্বিতীয় আৰু ৬০ মিনিটত গ'ল দিয়াৰ বিপৰীতে অভিষেকে তৃতীয়, সঞ্জয়ে ১৭ আৰু উত্তম সিঙে ৫৪ মিনিটত গ'ল দিয়ে। খেলৰ ৪১ মিনিটত মাছুমোটো কাজুমাছাৰ জৰিয়তে জাপানে একমাত্ৰ গ'লটো পৰিশোধ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ চাৰিবাৰৰ চেম্পিয়ন ভাৰতে ইয়াৰ পূৰ্বে প্ৰথমখন খেলত আয়োজক দেশ চীনক ৩-০ গ'লত পৰাস্ত কৰিছিল। হৰমনপ্রীত সিঙ নেতৃত্বাধীন ভাৰতীয় দলটো কাইলৈ যোৱাব...

September 8, 2024 8:16 PM

এছিয়া কাপ হকীত  চীনৰ বিৰুদ্ধে ভাৰতৰ ৩-০ ফলাফলত জয়ী

এছিয়া কাপ হকীত আজি ভাৰতে আয়োজক চীনক ৩-০ ফলাফলত পৰাস্ত কৰে। খেলৰ প্ৰথম তিনিটা কোৱাৰ্টাৰৰ প্রতিটোতে সুখজিৎ সিং, উত্তম সিং আৰু অভিষেকে এটাকৈ গ'ল দি উদ্বোধনী খেলখনত ভাৰতৰ জয় নিশ্চিত কৰে। কাইলৈ ভাৰত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা মাহত পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰাৰ পাছত ভাৰতে পঞ্চমটো খিতাপ লাভৰ বাবে প্ৰচেষ্টা চলাব।

August 4, 2024 6:54 PM

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনক ৪–২ গলত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোঁহাই পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত চীনৰ লী কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়। ইফালে, পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ লক্ষ্য সেনে ডেনমার্কৰ ভিক্টৰ এক্সেলচেনৰ হাতত পৰাজয় বৰণ কৰে। সেনে কাইলৈ মালয়েছিয়াৰ লী জি জিয়াৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব।

August 2, 2024 5:53 PM

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, জুডো আৰু এথলেটিকছ শাখাত কেইবাগৰাকীও খেলুৱৈ আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ছিংগলছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈ লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জুডোত মহিলাৰ ৭৮ কিলোগ্রাম উৰ্ধৰ ওজন শাখাৰ এখন খেলত তুলিকা ম...

July 29, 2024 8:30 PM

পেৰিছ অলিম্পিকত ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলত ১-১ গলত ড্ৰ’

পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন ১-১ গলত ড্ৰ’ হয়। আৰ্জেণ্টিনাৰ লুকাচ মার্টিনেজে খেলৰ প্ৰথম হাফত ১ গলত আগুৱাই থকাৰ পাছত ভাৰতৰ অধিনায়ক হৰমন প্রীত সিঙে শেষৰটো মিনিটত দলৰ হৈ দিয়া গলটোৰ ফলত খেলখন ড্ৰ’ হয়। ভাৰতৰ পুৰুষ হকী দলটোৱে নিজৰ পৰৱৰ্তী খেলখনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব। আয়াৰলেণ্ড ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ সৈতে হোৱা খেলখনত ১-২ গলৰ ব্যৱধানত পৰাস্ত হৈছিল।

May 27, 2024 6:59 PM

এফ আই এইচ হকী প্ৰ’ লীগত ইউৰোপীয়ান লীগৰ এখন খেলত ভাৰতৰ হাতত আৰ্জেণ্টিনা পৰাস্ত

বেলজিয়ামৰ এণ্টৱাৰ্পত চলি থকা এফ আই এইচ হকী প্ৰ লীগত ইউৰোপীয়ান লীগৰ চতুৰ্থখন খেলত হৰমনপ্রীত সিঙৰ হেট্ৰিক গ'লৰ সহায়ত ভাৰতে আৰ্জেণ্টিনাক ৫-৪ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ খেলৰ ৭ মিনিটত অৰিজিত সিং হুণ্ডালে প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে ১৮ মিনিটত গুৰবাণ্ট সিঙে দ্বিতীয়টো গ'ল দিয়ে। আনহাতে, হৰমনপ্রীত সিঙে খেলৰ ২৯, ৫০ আৰু ৫২ মিনিটত তিনিটা গ'ল দিয়াত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে। ভাৰতে অহা ১ জুনত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্ত্তী খেলখনত জাৰ্মানীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

April 7, 2024 9:09 PM

পাঁচখনীয়া হকী শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত ৪-২ গ’লত পৰাস্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ  পাঁচখনীয়া হকী শৃংখলাৰ অষ্ট্ৰেলিয়াৰ পাৰ্থত আজি অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৪-২ গ'লত পৰাস্ত কৰে। খেলখনত ভাৰতৰ হৈ যোগৰাজ সিং আৰু হৰমণপ্ৰীত সিঙে পেনাল্টিৰ জৰিয়তে দুটা গ'ল দিয়ে। অষ্ট্ৰেলিয়াৰ হৈ জেৰিমি হেৱাৰ্ড, এণ্ডাৰচন জেক'ব আৰু নাথান এফ্ৰমছে গ'ল দিয়ে । উল্লেখ্য যে শৃংখলাৰ তৃতীয়খন খেল বুধবাৰে পাৰ্থত অনুষ্ঠিত হ'ব।