September 14, 2024 2:50 PM
সমগ্র দেশতে আজি হিন্দী দিৱস পালন
সমগ্র দেশতে আজি হিন্দী দিৱস পালন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ ৰাজভাষা হিচাপে গ্ৰহণ কৰিছিল। সম্প্ৰতি হিন্দী বিশ্বৰ বহুলভাৱে প্ৰচলিত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিব। ৰাজভাষা বিভাগে হিন্দী ভাষাই ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন...