July 29, 2024 8:13 PM

লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজিৰে পৰা দুদিনীয়াকৈ জিলা আয়ুক্ত সন্মিলন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰীয়ে ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপ জিলাৰ কাম-কাজসমূহ চলিব। একে সময়তে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যও চলি থাকিব। আনহাতে উপ জিলা কাৰ্যালয়ৰ বাবে লোকনির্মাণ বিভাগে প্রস্তুত কৰা নক্সা সংশিষ্ট জিলা উপায়ুক্তসকলক কাইলৈ সন্মিলনতে...

July 15, 2024 10:56 AM

চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছেঃ মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে স্থাপন কৰা ইংৰাজী মাধ্যমৰ আৰু চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছে বুলি প্ৰকাশ কৰিছে। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় সংগঠনৰ উদ্যোগত আয়োজিত আদর্শ বিদ্যালয়সমূহৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি শ্ৰীশৰ্মাই এইদৰে কয়। আদৰ্শ বিদ্যালয় প্রতিষ্ঠা ৰাজ্যৰ শৈক্ষিক জগতত ব্যতিক্রমী সংযোজন বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। আনহাতে এই বিদ্যালয়সমূহৰ ফলাফলে ৰাজ্য চৰকাৰৰ ...

July 11, 2024 9:06 PM

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্রতিক্রিয়া ব্যক্ত কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ’বঃ মুখ্যমন্ত্রী

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্রতিক্রিয়া ব্যক্ত কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজকি মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো পুনৰ বিবেচনা কৰি এই সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

July 11, 2024 8:59 PM

সত্ৰাধিকাৰ ভবানন্দ দেৱ গোস্বামীৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ আজি দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী দেৱ গোস্বামীয়ে অসমীয়া জাতি জীৱনলৈ আগবঢ়োৱা অৱদানক ৰাজ্যবাসীয়ে স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। একেদৰে মন্ত্ৰী বৰা আৰু ডা০ পেগুৱে দেৱ গোস্বামীৰ মৃত্যু জাতীয় জীৱনৰ অপূৰ্ণীয় ক্ষতি ...

June 28, 2024 6:12 PM

কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক'ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্রীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে। কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীক প্রদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানে সকলো পৰীক...

June 28, 2024 12:33 PM

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈ...

June 28, 2024 12:15 PM

সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে অসম চৰকাৰৰ বিশেষ নিযুক্তিৰ ব্যৱস্থা

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত পূৰ্বৰ অনিয়মীয়া পদসমূহ বিলুপ্ত হোৱাৰ লগতে নতুন পদত নিযুক্তি লাভ কৰাসকলে চৰকাৰী নিৰিখ অনুসৰি দৰমহা আৰু বাৰ্ষিক দৰমহাৰ বৃদ্ধি লাভ কৰ...

June 18, 2024 5:21 PM

অসম মন্ত্ৰীসভাৰ দপ্তৰৰ সাল-সলনি

অসম মন্ত্ৰীসভাৰ দপ্তৰ সামান্য সাল-সলনি ঘটোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব নিজৰ হাতলৈ নিছে। আনহাতে, কেশৱ মহন্তক পৰিবহণ, মীন, আবকাৰী, বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন তথা তথ্য প্রযুক্তি বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। পূৰ্বতে কেশৱ মহন্তক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছিল। একেদৰে সদ্য নির্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ দায়িত্বত আছিল। পৰিমল শুক্লবৈদ্যৰ বিধায়কৰ পদত্যাগ পত্ৰ আজি ৰাজ্য...

June 15, 2024 1:00 PM

২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ’বঃ মুখ্যমন্ত্ৰী

নামৰূপত কালি ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ'ব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, অসম দেশৰ ভিতৰত এখন সৌৰশক্তি উৎপাদনকাৰী অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ দিশে আগবাঢ়িছে। সৌৰশক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আটাইবোৰ প্ৰচেষ্টা সফল হ'লে ৰাজ্যখনে ৩ হাজাৰ ৬৪৫ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কালি আধাৰশিলা স্থাপন হোৱা নামৰূপৰ ২৫ মেগাৱাট ক্ষমতা...

May 24, 2024 11:49 AM

ওড়িশাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’-জনসভাৰে প্ৰচাৰ অব্যাহত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ওড়িশাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কালি তেওঁ ৰাজ্যখনত এটা বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰা লগতে দুখন জনসভাক সম্বোধন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেওঁঝাৰ, কটক লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী মোহন চৰণ মাঝি, প্ৰকাশ চন্দ্ৰ শেঠী তথা আনন্দপুৰ, বাৰম্বা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আলোক কুমাৰ শেঠী আৰু সম্বিৎ ত্ৰিপাঠীৰ হৈ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নির্বাচনী প্ৰচাৰৰ সময়ত ড০ শৰ্মাই ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এসময়ৰ ব্যক্তিগত সচ...