May 25, 2024 6:11 PM

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। এচাম যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ লগতে সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই · ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ২,১৬৬ কোটি টকাতকৈও অধিক নিচাজাতীয় সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে বুলি অৱগত কৰে।

May 10, 2024 11:49 AM

প্ৰধানমন্ত্ৰী মোদীৰ আজি নাৰায়ণপেট আৰু হায়দৰাবাদত নিৰ্বাচনী প্ৰচাৰ সভা, পশ্চিমবংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’

চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণিলৈ মাজত এটা দিন বাকী থকা অৱস্থাত লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। প্ৰধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্রহণ কৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ ভিন ভিন প্ৰান্তত নির্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নাৰায়ণপেট আৰু হায়দৰাবা...

May 4, 2024 11:55 AM

ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্রীৰ

◊ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। নামনি অসমত এখন নির্বাচনী ৰেলীত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই পট্টা প্ৰদানৰ লগতে ডি-ভোটাৰৰ সমস্যা সমাধান কৰাৰো আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে বন্ধ হৈ থকা আধাৰ কাৰ্ড খুলি দিব বুলিও প্রতিশ্রুতি দিয়ে। মুখ্যমন্ত্রীয়ে কলেজত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া কৰি দিয়াৰ উপৰি নিবনুৱাক ব্যৱসায় কৰিবলৈ ২ লাখ টকা ঋণ দিয়া হ'ব বুলিও প্রতিশ্রুতি দিয়ে।

April 3, 2024 12:59 PM

২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী

অহা ২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বিহুৰ আনন্দৰ মাজতে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সৰুপথাৰত কালি অনুষ্ঠিত নির্বাচনী সভাত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মে' মাহত ঘোষণা কৰা হয়। কিন্তু এইবাৰ পূৰ্বতকৈ আগতে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱ...

April 2, 2024 7:47 PM

কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা

♦ অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰত বিজয় সংকল্প যাত্ৰাত অংশ লয়। এই সভাত বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিটিআৰৰ মুৰববী প্রমোদ বড়োৱেও অংশগ্ৰহণ কৰে। https://x.com/himantabiswa/status/1775081200681427404?s=20 মুখ্য...

April 1, 2024 7:24 PM

মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

♦ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমর্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিলোমিটাৰ পথ চাইকেল চলাই নির্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত...

April 1, 2024 1:07 PM

অসমৰ ১৯ বিধ সামগ্ৰীৰ জি আই টেগ লাভ, ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তিঃ মুখ্যমন্ত্ৰী

অসমৰ ১৯ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পলৈ জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে বড়ো সকলৰ ১৩ বিধ বস্ত্ৰ আৰু বাদ্যয়ো জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। সেইসমূহ হৈছে- দখনা, চিফুং, এৰী কাপোৰ, জৌমগ্রা, বাড়ো গামচা, কোডাপিনি, ...