June 28, 2024 7:51 PM

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎ‍সালয়খনৰ কামকাজৰ বুজ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈ...

June 28, 2024 7:44 PM

কামাখ্যা মন্দিৰত ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রীৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক’ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে। কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীক প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানে সকলো পৰীক...

June 28, 2024 6:10 PM

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্রয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈ...

June 28, 2024 12:33 PM

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈ...

June 21, 2024 12:32 PM

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশ গ্ৰহণ কৰে। ইপিনে, শোণিতপুৰত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে। যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিয়মিত যোগাভ্যাস শৰীৰৰ লগতে ব্যক্তিৰ মনৰো উৎকৰ্ষ সাধন কৰে। লগতে সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে অভিভাৱকসকলক নিজৰ সন্তানকো যোগসাধনাৰ বাবে অনুপ্রাণিত ...

June 18, 2024 5:21 PM

অসম মন্ত্ৰীসভাৰ দপ্তৰৰ সাল-সলনি

অসম মন্ত্ৰীসভাৰ দপ্তৰ সামান্য সাল-সলনি ঘটোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব নিজৰ হাতলৈ নিছে। আনহাতে, কেশৱ মহন্তক পৰিবহণ, মীন, আবকাৰী, বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন তথা তথ্য প্রযুক্তি বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। পূৰ্বতে কেশৱ মহন্তক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছিল। একেদৰে সদ্য নির্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ দায়িত্বত আছিল। পৰিমল শুক্লবৈদ্যৰ বিধায়কৰ পদত্যাগ পত্ৰ আজি ৰাজ্য...

June 17, 2024 12:52 PM

অসম সচিবালয়ত  সৌৰশক্তি প্রকল্প মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা মুকলি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ত কালি সৌৰশক্তি প্রকল্প মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে তিনি লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই প্ৰকল্পৰ জৰিয়তে অসম সচিবালয় দেশৰ প্ৰথম সেউজ সচিবালয়ৰূপে পৰিগণিত হৈছে। এতিয়াৰে পৰা কেৱল সৌৰ শক্তিৰ দ্বাৰাহে অসম সচিবালয়ৰ কাম-কাজ চলিব বুলি তেওঁ প্ৰকাশ কৰে। এই প্ৰকল্পৰ ফলত অসম সচিবালয়ে প্ৰতিমাহে বহন কৰিবলগীয...

June 16, 2024 1:17 PM

বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা, খাদ্য যোগান আদি বিষয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা

বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা, খাদ্য যোগান তথা বানৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে যাতে গঁড় হত্যা কৰিব নোৱাৰে সেই বিষয়সমূহ পর্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙাত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিৰ সৈতে বন বিভাগ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই কিদৰে মোকাবিলা কৰিব তাৰ খতিয়ান লয়। তেওঁ লগতে চোৰাং চিকাৰী প্ৰতিৰোধৰ উদ্দেশ্যে কাজিৰঙাৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ সন্দৰ্ভতো বন বিভাগ তথা আৰক্ষীৰ উচ...

June 14, 2024 6:51 PM

নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো ১০৮ একৰ মাটি সামৰি স্থাপন কৰা হ'ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে ১১৬ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও সমপৰিমাণৰ ধন ব্যয় কৰিব বুলি তেওঁ কয়। ড০ শৰ্মাই কয় যে, ৰাজ্যত বৰ্তমান সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। শীঘ্ৰেই কাৰ্বি আংলঙত এহেজাৰ ...

May 28, 2024 4:46 PM

ধুমুহা-বৰষুণ আৰু ভূমিস্খলনত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

সম্প্ৰতি নিৰ্বাচনৰ প্ৰচাৰ উদ্দেশ্যে ওড়িশাত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মূল্যায়নৰ অৰ্থে মুখ্য সচিবৰ সৈতে কথা পাতে আৰু সাহায্য, পুনৰবাসন তথা সতৰ্কতামূলক ব্যৱস্থাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ড° শৰ্মাই লগতে ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।