June 18, 2024 11:52 AM

দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলি বতৰা অনুসৰি উত্তৰ প্ৰদেশ, পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, হিমাচল প্রদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডত গ্ৰীষ্ম প্ৰৱাহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে জম্মু-কাশ্মীৰ, উত্তৰ মধ্যপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, ৰাজস্থান আৰু বিদৰ্ভতো গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। আনহাতে অসম আৰু মেঘালয়ত অহা ৩ দিনত ধাৰাষাৰৰ পৰা প্ৰৱল ব...

June 1, 2024 1:03 PM

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত কালি নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকল মীর্জাপুৰ, গোণ্ডা, প্ৰয়াগৰাজ, বস্তি আৰু কুশাম্বীৰ। আমাৰ সংবাদদাতাই জনোৱা মতে নির্বাচনী দলসমূহ পলিটেকনিক চৌহদৰ পৰা ওলাই যোৱাৰ সময়তে কেইবাজনো লোক অসুস্থ হৈ পৰে আৰু তেওঁলোকক মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে কেইগৰাকীমানৰ চিকিৎসালয়লৈ যোৱাৰ পথতে মৃত্যু হয়। উল্লেখযোগ্য যে, মীর্জাপুৰত আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে।

May 31, 2024 6:51 PM

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ গৰাকীতকৈ অধিক লোক ৰোগাক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ঔৰংগাবাদ জিলাৰ তাপমাত্রা ৪৮ ডিগ্ৰী ছেলছিয়াছ অতিক্রম কৰাৰ লগতে জিলাখনত ১২ গৰাকী লোকৰ মৃত্যু হয়। ইপিনে, ভোজপুৰ জিলাত ছগৰাকী তথা ৰোহতাছ আৰু জেহানাবাদ জিলাত চাৰিগৰাকীকৈ লোকৰ মৃত্যু হয়। আনহাতে, ৰাজ্যখনৰ বুক্সাৰ, আৰৱাল আৰু নালন্দা জিলাত এগৰাকীকৈ লোকৰ মৃত্যু হয়। জিলাকেইখনত নিৰ্বাচনী কর্তব্য সম্পন্ন কৰি থকাৰ সময়ত গ্ৰীষ্ম প্ৰৱাহৰ বাবে দুগৰাকী গৃহৰক্ষী জ...

May 31, 2024 6:46 PM

আজিৰ পৰা মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পঞ্জাৱৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাবলৈ আৰম্ভ কৰিব বুলি বিভাগটোৱে সদৰি কৰিছে। অহা চাৰিদিনৰ ভিতৰত এই অঞ্চলসমূহৰ তাপমাত্ৰা সৰ্বাধিক ২ৰ পৰা ৪ ডিগ্ৰী ছেলছিয়াছ হ্ৰাস পাব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। অৱশ্যে মধ্য প্ৰদেশ বিদর্ভ আৰু উত্তৰাখণ্ডত আজি গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব। ইতিমধ্যে বতৰ ...