July 18, 2024 8:02 PM

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যৰ ২৪ খন জিলাত ১৮৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাট জিলাত জানুৱাৰী মাহৰ পৰা এতিয়ালৈ ৫৫ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰকাশ কৰা মতে এই লোকসকল জাপানীজ এনচেফেলাইটিছতেই নহয় অন্য ৰোগতো আক্ৰান্ত হৈছে। জিলাখনত মুঠ ৮ জন লোকহে এই ৰোগত আক্ৰান্ত হো...

June 30, 2024 7:01 PM

চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়চোৱাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা আগবঢ়াব নোৱাৰিঃ স্বাস্থ্য বিভাগ

চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়চোৱাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা আগবঢ়াব নোৱাৰিব বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙে এই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবলৈ এখন পত্র প্ৰেৰণ কৰে। এই পত্রযোগে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি চৰকাৰী চিকিৎসকে ব্যক্তিগত চিকিৎসা সেৱাত যাতে জড়িত নাথাকে সেয়া নিশ্চিত কৰিবলৈ সকলো ব্যক্তিগত খণ্ড চিকিৎসালয়ক স্বাস্থ্য ...

June 15, 2024 1:47 PM

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত কালি স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলক লৈ নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নতুন চৰকাৰ গঠনৰ প্ৰথম ১০০ দিনৰ ভিতৰত মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়। দেশজুৰি চিকিৎসা সুবিধা আৰু স্বাস্থ্য ব্যৱস্থাৰ মান অধিক উন্নত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্রদান কৰিছে। তেওঁ প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত জৰুৰীকালীন সঁহাৰি ব্যৱস্থাপনাৰ দৰে কাৰ্যসূচীত প্ৰযুক্তিবিদ্যাৰ সহায় লোৱাৰ ওপৰত গুৰ...

May 26, 2024 6:54 PM

উজনি অসমত প্ৰাদূৰ্ভাৱ হোৱা এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ প্ৰতিৰোধমূলক ব্যৱস্থা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি ৰাজ্যত বিশেষকৈ উজনি অসমত প্ৰাদূৰ্ভাৱ ঘটা এনকেফেলাইটিছ ৰোগৰ বিষয়ে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থা সম্পর্কে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উজনি অসমৰ যোৰহাট, শিৱসাগৰ, মাজুলি আৰু গোলাঘাট জিলালৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটা বিশেষজ্ঞৰ দল প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জিলাসমূহত ভিতৰুৱা অঞ্চলসমূহতো মহৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ধোৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি শ্ৰীমহন্তই জানিবলৈ দিয়ে। ইয...

May 7, 2024 12:54 PM

হাইলাকান্দিত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ এই ৰোগক লৈ সতর্কতা

হাইলাকান্দি জিলাত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ অলপতে এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই ৰোগক লৈ সতর্কতা জাৰি কৰিছে। ইফালে কাছাৰ জিলাতো ৩ জন ব্যক্তিৰ দেহত এইচ ওৱান এন ওৱান ভাইৰাছৰ সংক্ৰমন নিশ্চিত হোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। হাইলাকান্দি স্বাস্থ্য বিভাগে কালি এই ৰোগ সন্দৰ্ভত এখন জৰুৰী সংবাদমেলৰ আয়োজন কৰে। হাইলাকান্দি কাটাশালৰ ১৩ বছৰীয়া আন এটি কিশোৰ স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি হৈ আছে বুলিও স্বাস্থ্য বিভাগে সদৰি কৰে।

April 4, 2024 11:48 AM

গ্রীষ্মকালত ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ অধ্যক্ষতাত বৈঠক

◊ গ্রীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ'ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। তৃণমূল পৰ্যায়ত সঠিক তথ্যৰ অভাৱৰ কথা উল্লেখ কৰি ড° মন্দাভিয়াই ৰাজ্যসমূহৰ পৰা লাভ কৰা তথ্যৰে এটা কেন্দ্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। ৰাজ্যসমূহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা লাভ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে। ড° মন্দাভিয়াই কয় যে, সতর্কতামূলক ব্যৱস্থা...

April 3, 2024 8:43 PM

গ্ৰীষ্মকালত হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ বৈঠক

◊ গ্ৰীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰা, নীতি আয়োগৰ সদস্য ডাঃ ভি কে পাল, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্রধান এম মহাপাত্র, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য কমল কিশোৰ, ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক আৰু অন্য জ্যেষ্ঠ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে। পাছত নতুন দিল্লীত সংবাদ মাধ্যমৰ...