August 2, 2024 6:15 PM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি উল্লেখ কৰি আজি সংবাদ মাধ্যমৰ আগত ডাঃ শৰ্মাই কয় যে, ২০০২ চনতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাছুল বৃদ্ধি কৰা হৈছিল। যোৱা ছমাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ দৰ পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৮৫ শতাংশ লোকৰ প্ৰধান...

July 22, 2024 7:32 PM

ৰাজ্যত জাপানীছ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

ৰাজ্যত জাপানীছ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডº পৰেশ চন্দ্ৰ কলিতাই প্ৰকাশ কৰা অনুসৰি জিলাখনত ৩৬গৰাকী লোক জাপানীছ এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ১৮ গৰাকী লোক জাপানীচ এনচেফেলাইটিছ পজিধিভ বুলি চিনাক্ত হৈছে। এই ৰোগ প্ৰতিহত কৰিবলৈ স্বাস্থ্য বিভাগে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে জিলাখনৰ ঠায়ে ঠায়ে ধোৱা দিয়াৰ ব্যৱস্থা কৰিছে। লগতে জ্বৰত আক্ৰান্তৰ তেজৰ নমুনা পৰীক্ষা প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হৈছে...