September 5, 2024 11:52 AM
হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৬৭ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ
বিজেপিয়ে হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৬৭ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে । সেই অনুসৰি মুখ্যমন্ত্রী নায়ব সিং চেইনীয়ে লাডৱা, বিধানসভাৰ অধ্যক্ষ জ্ঞানচন্দ গুপ্তাই পঞ্চকুলা আৰু প্ৰাক্তন মন্ত্ৰী অনিল ৱিজে আম্বালা কেন্ট আসনৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। অসীম গোয়েলে আম্বালা চিটী, কঁৱৰ পাল গুৰ্জৰে জগাধৰি আৰু ঘনশ্যাম দাস আৰোৰাই যমুনা নগৰ আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। বিজেপিয়ে প্ৰকাশ কৰা প্ৰথমখন তালিকাত ৮ গৰাকী মহিলা প্ৰাৰ্থীৰ নাম আছে।