August 15, 2024 11:55 AM

হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনন্দ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ আনন্দ প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কৈছে যে, এই জনপ্রিয়তাই ত্ৰিৰংগাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানকে প্রতিফলিত কৰিছে। সামাজিক মাধ্যম এক্স যোগে তামিলনাডুৰ ৰামেশ্বৰমৰ সমীপত মণ্ডপমত ভাৰতীয় উপকুলৰক্ষী বাহিনীয়ে উদযাপন কৰা হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ দৃশ্য শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে।

August 10, 2024 1:04 PM

অসমতো দেশজুৰি আয়োজিত হ’বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী ৰূপায়ণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ'বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ'ব। কালি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ'ব লগা ঘৰে ঘৰে ত্রিৰংগা কাৰ্যসূচীত গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক জীৱিকা সখীৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে স্কুটী ৰেলী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা ১৩ আগষ্টত শ্ৰীম...

August 8, 2024 8:06 PM

কাইলৈৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গর্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে।

August 6, 2024 9:10 PM

হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে।

August 6, 2024 1:27 PM

অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান