August 18, 2024 12:12 PM

গুৱাহাটীৰ ৬টা পৰ্যটনস্থলীক সামৰি ৰাজ্য চৰকাৰৰ নদী পর্যটনৰ অভিলাষী আঁচনি

অসমৰ নদী পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এলানী অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ ৬টা পৰ্যটনস্থলীক সামৰি নদী পর্যটন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। পর্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন সংবাদমেলত গুৱাহাটীৰ উমানন্দ, অশ্বক্লান্ত, কামাখ্যা মন্দিৰকে ধৰি আন তিনি তীর্থস্থানক সামৰি এই নদী পর্যটন গঢ়ি তুলিব বুলি প্ৰকাশ কৰে। ইতিমধ্যে সাগৰমালা লিমিটেডৰ সৈতে ৰাজ্য চৰকাৰে এখন চুক্তিও স্বাক্ষৰ কৰিছে।

August 13, 2024 1:24 PM

কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

● অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত কালি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্রভাৰী হৰিশ দ্বিবেদীকে ধৰি নির্বাচনী সমিতিৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই আসন দুখন সন্দৰ্ভত আলোচনা কৰা হয় ৷ আলোচনাৰ অন্তত ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য সভাৰ দুয়োখন আসনৰ বাবে ১০ গ...

August 2, 2024 6:15 PM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি উল্লেখ কৰি আজি সংবাদ মাধ্যমৰ আগত ডাঃ শৰ্মাই কয় যে, ২০০২ চনতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাছুল বৃদ্ধি কৰা হৈছিল। যোৱা ছমাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ দৰ পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৮৫ শতাংশ লোকৰ প্ৰধান...

August 1, 2024 12:51 PM

খানাপাৰা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ খানাপাৰাত থকা অসম পশুধন আৰু হাঁহ- কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসন্মত গাহৰি মাংসৰ লগতে বিভিন্ন প্ৰকাৰৰ সংসাধিত খাদ্য সামগ্রী প্রস্তুত কৰা হ'ব। প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী শ্ৰীবৰাই কয় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণত পশুপালন ক্ষেত্ৰখনে যথেষ্ট অৰিহনা যোগাই আহিছে। তদুপৰি ৰাজ্যৰ সবাতোকৈ সম্ভাৱনা পূর্ণ ক্ষেত্ৰসমূহৰ অন্যতম হোৱা হেতুকে ইয়াৰ লগত জড়িত হৈ নত...

July 11, 2024 8:41 PM

গুৱাহাটী মহানগৰক পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প

গুৱাহাটী মহানগৰীৰ জনসাধাৰণ নিৰাপত্তা তথা মহানগৰীখন পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰায় ২৫ কোটি টকা ব্যয়ৰে ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প লৈছে। ইয়াৰ বাবে মহানগৰীখনৰ ষ্ট্রীট লাইট নথকা এহেজাৰ ৫২০টা পথ আৰু উপ-পথ চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ত আলংকাৰিক লাইট আৰু অধিক উচ্চতাত ষ্ট্রীট লাইট সংস্থাপনৰো পৰিকল্পনা লোৱা হৈছে।

July 2, 2024 1:08 PM

কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ঘোষণা

ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত আভ্যন্তৰীণ জল পৰিবহন বিভাগে কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে। ফেৰী ঘাটৰ ৰেমসমূহ মেৰামটি নকৰা পৰ্যন্ত তথা জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পাই থাকিলে পুনৰ নির্দেশ নিদিয়া পর্যন্ত এই ফেৰী সেৱা বন্ধ থাকিব ।

June 25, 2024 7:07 PM

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ'ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্ৰসাদ গুপ্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।

June 25, 2024 6:47 PM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬-৮০৯৬৯ আৰু ৯৬১৯৬–৮৬৬৫৯ নম্বৰলৈ WHATSAPP যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম দিন ২৮ জুনৰ সন্ধিয়া ৭বজা ধাৰ্য কৰা হৈছে। নির্বাচিত তিনিগৰ...

June 18, 2024 8:19 PM

শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীৰ গভীৰ শোক প্ৰকাশ

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে এই বিষয়ে প্ৰকাশ কৰি কয় যে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চেতিয়াৰ পত্নীৰ বিয়োগৰ পাছতেই তেওঁ এই ঘটনা সংঘটিত কৰে। এই ঘটনা অসম আৰক্ষী শোকস্তব্ধ হৈ পৰিছে বুলি শ্ৰী সিঙে মন্তব্য কৰে। উল্লেখযোগ্য যে ২০০৯ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া চেতিয়াই বিভিন্ন জিলাত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল৷

June 18, 2024 5:41 PM

উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণপাৰৰ মহাবিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰোপৱেৰ টিকটত ৫০ শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণে বান পৰিস্থিতিৰ প্ৰতি লক্ষা ৰাখি উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণপাৰৰ মহাবিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰোপৱেৰ টিকটত ৫০ শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰাধীকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া আম্বামুথুন এম পিএ জাৰি কৰা নিৰ্দেশনা অনুসৰি বৈধ পৰিচয় পত্ৰ প্ৰদান কৰা ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী ৩০ দিনৰ বাবে ৰোপৱেৰ টিকটত ৫০ শতাংশ ৰেহাই লাভ কৰিব।