May 3, 2024 11:33 AM
গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ
◊ গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। পিপ্ল ফৰ দ্য ইথিকেল ট্রিটমেণ্ট অব্ এনিমেলছ চমুকৈ পেটা নামৰ সংগঠনটোৱে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্রদান কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰে কেবিনেট সিদ্ধান্তযোগে এছ অ’ পি জাৰি কৰি মাঘ বিহুৰ সময়ত ম’হযুঁজ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।