August 20, 2024 11:52 AM

নেডাৰলেণ্ডছৰ প্ৰতিষ্ঠানক গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা-নৰ্দমাৰ কামৰ দায়িত্ব

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে ৰাজ্য চৰকাৰে নেডাৰলেণ্ডছৰ এটা প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ কৰিব। বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজনিত আবেদনৰ শুনানিৰ সময়ত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই আদালতক এই কথা জানিবলৈ দিয়ে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সন্দৰ্ভত যোৱামাহত নিবিদা আহ্বান কৰাৰ পৰৱৰ্তী সময়ত নেডাৰলেণ্ডছৰ প্ৰতিষ্ঠানটো এই কামৰ বাবে অৰ্হতাসম্পন্ন হিচাপে বিবেচিত হোৱা বুলি তেওঁ উল্লেখ কৰে। বিদেশী প্রতিষ্ঠানটোৰ সৈতে অহা ২১ আগষ্টত বুজাবু...