April 29, 2024 8:21 PM

গুৱাহাটীৰ খানাপাৰাত বুজন পৰিমাণৰ মাদক দ্রব্যসহ দুজন লোকক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে গোপন সূত্ৰৰ পম খেদি খানাপাৰাৰ অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সমীপৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰাৰ উপৰি দুজন লোকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা মাদক দ্রব্য সৰবৰাহকাৰীয়ে গুৱাহাটীলৈ নিচাযুক্ত দ্ৰব্য অনাৰ সম্ভেদ লাভ কৰি বিশেষ টাস্ক ফ'ৰ্চৰ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত অভিযান চলোৱা হৈছিল। অভিযান কালত বাহন এখনৰ পৰা ডেৰ কিলোগ্রাম হেৰ’ইন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰা হয়। ইপিনে, তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত-ভূটান...