July 14, 2024 1:15 PM
ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ
কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অভিযান নামেৰে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। অসম প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই কালি যোৰহাট বিজ্ঞান চ'ৰাৰ ৰূপালী জয়ন্তী বৈঠকত অংশগ্ৰহণ কৰি কয় যে, এই আঁচনিৰ অধীনত দেশৰ ছয় লাখ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব। অসমত সেউজ হাইড্ৰ'জেন, সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীর্ষক বক্তৃতা প্ৰদান কৰি শ্ৰী বৰুৱাই অসমতো সেউজ হাইড্ৰ'জেন উৎপাদন গোট ইতিম...