September 13, 2024 5:24 PM

সোণাপুৰৰ জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছেঃ জি পি সিঙ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত উপস্থিত হৈ অঞ্চলটোত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি শ্ৰী সিঙে জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলীত কালি ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি ২২ গৰাকী চৰকাৰী বিষয়া আহত হয়। এই সন্দৰ্...

August 21, 2024 12:27 PM

বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

■ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। কালি কাহিলিপাৰাত আৰক্ষীৰ প্রশিক্ষণ সমাপ্তিৰ কুচকাৱাজত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শ্রীসিঙে এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে, বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰৰ বাবে অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সঞ্চালকপ্ৰধান...

June 14, 2024 6:46 PM

মোবাইল ফোন হেৰালে বা চুৰি হ’লে দূৰ সংযোগ বিভাগৰ CEIR প’ৰ্টেলত IMEI নম্বৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ আহ্বান

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মোবাইল ফোন হেৰালে বা চুৰি হ'লে নিজাকৈ অথবা আৰক্ষী থানাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দূৰ সংযোগ বিভাগৰ CEIR প'ৰ্টেলত হেৰুওৱা মোবাইলটোৰ IMEI নম্বৰ তথা মোবাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে। তেওঁ লগতে পুৰণি মোবাইল ক্ৰয় কৰাৰ বাবে আগ্ৰহী লোকসকলক মোবাইটোৰ IMEI নম্বৰ সংশ্লিষ্ট প'ৰ্টেলত পৰীক্ষা কৰি ল'বলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, মহানগৰ আৰক্ষীয়ে বিভিন্ন সময়ত উদ্ধাৰ কৰা ৬৫০টা চুৰি মোবাইল ফোন আৰু ১৬টা লেপটপ আজি পাণবজাৰত থকা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্...