August 17, 2024 7:09 PM
পথৰুঘাট কৃষক শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যৰ
অসমৰ নৱ-নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি দৰং জিলাত অৱস্থিত ঐতিহাসিক পথৰুঘাট কৃষক শ্বহীদ সমাধিক্ষেত্ৰত উপস্থিত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ আত্ম বলিদান আৰু ত্যাগৰ আদৰ্শ আগবঢ়াই নিয়াৰ বাবে কাম কৰি যাব বুলি সংবাদ মাধ্যমক অৱগত কৰে। আজিৰ অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দৰং জিলাৰ আয়ুক্তকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ১৮৯৬ চনৰ ২৮ ...