September 3, 2024 6:51 PM

যোৰহাট-তিতাবৰ পানীযোগান আঁচনিৰ অধীনত ৬টা বিশুদ্ধ খোৱাপানী যোগান আঁচনি উদ্বোধন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি যোৰহাট-তিতাবৰ পানীযোগান আঁচনিৰ অধীনত ৬টা বিশুদ্ধ খোৱাপানী যোগান আঁচনি উদ্বোধন কৰে। অসম-নাগালেণ্ড সীমান্তত অৱস্থিত এই পানীযোগান আঁচনিয়ে ৬৮২টা পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰিব।

September 3, 2024 6:57 PM

গোলাঘাটৰ জিলা আয়ুক্ত ডা০ উদয় প্রবীণৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্রধানমন্ত্রী আদর্শ গ্রাম যোজনাৰ সভা

গোলাঘাটৰ জিলা আয়ুক্ত ডা০ উদয় প্রবীণৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্রধানমন্ত্রী আদর্শ গ্রাম যোজনা এখন সভা অনুষ্ঠিত হয়। সভাখনত এই আঁচনিখনৰ কাম-কাজ আৰু অগ্ৰগতিৰ খতিয়ান লোৱা হয়। জিলা আয়ুক্তগৰাকীয়ে এই যোজনাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকলক প্ৰদান কৰিবলগীয়া সুবিধাসমূহ ৭ ছেপ্তেম্বৰৰ ভিতৰত প্ৰদান কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত, জিলা চক্র বিষয়া, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।

August 31, 2024 6:25 PM

গোলাঘাটত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি

গোলাঘাট জিলাত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি কৰা হয়। গোলাঘাটৰ জিলা আয়ুক্ত ডা০ পি উদয় প্রবীণে কেন্দ্ৰটো মুকলি কৰে। অনাগত দিনত জিলাখনত দুর্যোগ প্রশমন, ক্ষীপ্র যোগাযোগ তথা তাৎক্ষণিক সঁহাৰিৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসম ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক তথা উপ-সচিব অলকানন্দ মেধিয়ে এই জৰুৰীকালীন সেৱা কেন্দ্ৰই দুৰ্যোগৰ সময়ত জিলাবাসীক সেৱা...

July 29, 2024 6:19 PM

আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত অস্থায়ী শিবিৰ মুকলি

আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত জনসাধাৰণৰ বাবে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী শিবিৰ মুকলি কৰা হয়। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত নন্দিতা বৰুৱাই শিবিৰটো মুকলি কৰে। শিবিৰ মুকলি কৰি অতিৰিক্ত আয়ুক্তগৰাকীয়ে আয়ুষ্মাণ ভাৰত হেলথ একাউণ্ট অর্থাৎ আভা নম্বৰৰ সুবিধা ল'বলৈ ৰাইজক আহ্বান জনায়। তেওঁ কয় যে, এই নম্বৰৰ জৰিয়তে যিকোনো ব্যক্তিৰ সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু নথি ডিজিটেল মাধ্যমেৰে সংলগ্ন হৈ থাকে। এই নম...

July 11, 2024 8:32 PM

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত

আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত দিৱসৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনা পষেক আয়োজিত হয়। পষেক উপলক্ষে অনুষ্ঠিত সভাত পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যাৰ বোধ সন্দৰ্ভত আলোচনা আয়োজিত হয়। সভাত চিকিৎসক ৰঞ্জিত ভূঞাই পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যা বোধৰ বাবে আশাকৰ্মীসকলৰ কৰণীয় সন্দৰ্ভত মতামত আগবঢ়ায়। সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ জিলা আঁচনি প্ৰবন্ধক অনুষ্কা বৰাই উপযুক্ত সময়ত বিব...

July 2, 2024 11:03 AM

বান পৰিস্থিতিৰ বুজ ল’বলৈ গোলাঘাটলৈ মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি গোলাঘাটলৈ যাব। জিলা তথ্য আৰু জনসংযোগ বিভাগে প্রকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহুৰামুখৰ বংকোৱাল মথাউৰি আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। ৰাজ্যৰ বান পৰিস্থিতিৰ অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজন সাপেক্ষে সেনা বাহিনীৰ সহায় লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী-বিধায়কসকলক নিজৰ নিজৰ জিলা আৰু সমষ্টিত পৰিস্থিতি তদাৰক কৰাৰ নিৰ্দেশ দিছে। ইপিন...

June 13, 2024 7:03 PM

নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ বিচৰণৰ ফলত জনসাধাৰণৰ মাজত আতংক

গোলাঘাট জিলাৰ নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বিচৰণ কৰাৰ ফলত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে। হাতীৰ জাকটোৱে দিনৰ ভাগতে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লেটেকুজান চাহ বাগিচা, দৈগ্ৰোং চাহ বাগিচা আদিৰ মাজেৰে বিচৰণ কৰাৰ লগতে সন্ধিয়াৰ ভাগত কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰি বাসগৃহ আৰু খেতিপথাৰত উপদ্ৰৱ চলাই আহিছে। ইয়াৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হোৱাৰ লগতে খেতিপথাৰৰ শস্য হাতীৰ জাকটোৱে তহিলং কৰিছে। অঞ্চলটোৰ ৰাইজে শীঘ্ৰে বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

June 12, 2024 1:07 PM

গোলাঘাটত ৰূপায়ণ হৈ থকা উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

কৃষি মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰৰ উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে অতিৰিক্ত জিলা আয়ুক্তৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰে। তেওঁ বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নির্দিষ্ট সময়-সীমাৰ ভিতৰতে আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

May 8, 2024 6:54 PM

গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন

গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন কৰা হৈছে। গাঁওখনৰ ৩০০ বছৰ গৰকা বৰ নামঘৰত পৰম্পৰা অক্ষুণ্ণ ৰাখি এই ভাওনাৰ বাবে প্রস্তুতি অব্যাহত আছে। শংকৰী কলা-কৃষ্টিৰ চৰ্চা অব্যাহত ৰখা এই নামঘৰত গায়ন-বায়নৰ পৰা আৰম্ভ কৰা অভিনেতা-অভিনেত্ৰীলৈকে প্ৰতিটো কাম শিশুৰ দ্বাৰা কৰোৱাৰ বাবে গাঁওবাসীয়ে প্ৰয়াস চলাইছে। অহা ২৬ মে'ত ৰাৱনৰ মুক্তিলাভ নামৰ এখন ভাওনা শিশুসকলৰ দ্বাৰা পৰিৱেশিত হ'ব।

May 3, 2024 11:50 AM

গোলাঘাট আৰক্ষীয়ে ভিন্ন ঠাইত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

◊ গোলাঘাট আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে প্ৰায় তিনি কেজি ওজনৰ হেৰ'ইন জব্দ কৰে। সৰুপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত অভিযান চলাই দুখন গাড়ীৰ পৰা হে'ৰইনখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইনখিনি মণিপুৰৰ পৰা উজনি অসমলৈ অনা হৈছিল।