March 29, 2024 9:52 PM
চৰকাৰী ই-মার্কেট প’ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত ৪ লাখ কোটি টকাৰ ব্যৱসায়
চৰকাৰী ই-মার্কেট প'ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত মুঠ ৪ লাখ কোটি টকাৰ অভিলেখ পৰিমাণৰ ব্যৱসায় হৈছে। এই পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত দুগুণ। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জি ই এমৰ মুখ্য কাৰ্যবাহী বিষয়া পি কে সিঙে কয় যে, ইয়াৰ পৰা জি ই এম পৰ্টেলৰ অনন্য ডিজিটীয় সামৰ্থ আৰু কাৰ্য দক্ষতাৰ বাবে যে ৰাজহুৱা ক্রয় ব্যৱস্থা অধিক স্বচ্ছ, দক্ষ আৰু বাধাৰহিত হৈ উঠিছে সেয়া প্ৰতিফলিত হৈছে। তেওঁ কয় যে, জি ই এমৰ মাধ্যমেৰে হোৱা ব্যৱসায়ত প্রায় ৫০ শতাংশ সেৱাখণ্ডৰো অৱদান আছ...