September 3, 2024 8:06 PM

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিশ্ব বেংকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূর্বানুমান পূৰ্বৰ ৬.৬ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে

বিশ্ব বেংকে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূর্বানুমান পূৰ্বৰ ৬.৬ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে। আন্তৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠানটোৱে কৈছে যে, ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ দৰে মুখ্য কাৰকসমূহৰ বাবে মধ্যৱৰ্তী সময়ছোৱাত দেশৰ আৰ্থিক বিকাশৰ হাৰ শক্তিশালী হৈ থাকিব। আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফেও আশাব্যঞ্জক দৃষ্টিভংগী প্রকাশ কৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ভাৰতত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ সম্পৰ্কীয় পূর্বানুমান ২০ আধাৰ পইণ্ট বৃদ্ধি কৰি ৭ শতাংশলৈ উন্নী...

June 1, 2024 1:14 PM

২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। এই তথ্যৰ পৰা ভাৰতীয় অর্থ ব্যৱস্থাৰ বিকাশ হাৰ যে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে সেয়াও স্পষ্ট হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। সামাজিক মাধ্যম যোগে দেশৰ জনসাধাৰণক ধন্যবাদ জনাই শ্রীমোদীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ বাবে ৮.২ শতাংশৰ বিকাশ হাৰে ভাৰত যে, গোলকীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ অর্থ ব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থ...

June 1, 2024 1:11 PM

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্রম কৰিব বুলি অনুমান কৰা হৈছে।

May 31, 2024 8:28 PM

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৮.২ শতাংশলৈ বৃদ্ধি পোৱাৰ ধাৰণা

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৮.২ শতাংশলৈ বৃদ্ধি পোৱাৰ ধাৰণা কৰা হৈছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ হৈছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে।