September 3, 2024 11:58 AM
গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ বিশেষ সন্মিলন অনুষ্ঠিত
কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত কালি মেঘালয়ৰ শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যটন মন্ত্রীসকলেও অংশগ্রহণ কৰে। সন্মিলনত শেখাৱাটে কয় যে, দেশৰ পৰ্যটনৰ সামগ্রিক বৃদ্ধি আৰু উন্নয়নৰ বাবে মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই বৈঠকৰ জৰিয়তে বিশ্...