June 9, 2024 8:11 PM

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত কাৰ্লোচ অলকৰাজ গার্ফিয়া আলেকজেণ্ডাৰ জেৱৰেভৰ বিৰুদ্ধে অৱৰ্তীণ

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়া আজি ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভৰ মুখামুখি হৈছে।  খেলখনত ২১ বছৰীয়া অলকৰাজ খেলুৱৈ জীৱনৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ মানসেৰে অৱতীৰ্ণ হৈছে। অলকৰাজ ইতিমধ্যে ২০২২ চনত ইউ এছ অপেন আৰু ২০২৩ চনত উইম্বলডন টেনিছ প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে ২৭ বছৰীয়া জেৱৰেভ প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। ইপিনে, বিশ্বৰ এক নম্বৰ স্থানৰ পোলেণ্ডৰ ইগা ছুইটেকে কালি মহিলাৰ ছিংগলছ...

June 8, 2024 1:49 PM

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভে সপ্তম বাছনিপ্ৰাপ্ত নৰোৱেৰ কেম্পাৰ ৰুদক ৬-২, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অলকৰাজ ফাইনেলত কাইলৈ আলেকজেণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেল খে...

June 5, 2024 12:15 PM

গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা ন’ভাক জ’ক’ভিচৰ নাম প্ৰত্যাহাৰ

ছাৰ্বিয়াৰ ন’ভাক জ’ক’ভিচে চলিত গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা মাজভাগতে নাম প্ৰত্যাহাৰ কৰি নিজৰ অভিযান সামৰিছে। পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা জ’ক’ভিচে খেলখনৰ প্ৰাক মুহূৰ্তত সামাজিক মাধ্যমযোগে নাম প্রত্যাহাৰ কৰাৰ বিষয়ে অৱগত কৰে। আঘাতৰ বাবে তেওঁ এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অভিলেখসংখ্যক ২৪ টা গ্ৰেণ্ডশ্লাম খিতাপ জয় কৰা জ’ক’ভিচে ৪ ঘণ্টা ২৯ মিনিট ধৰি চলা এখন খেলত ইটালীৰ লৰেঞ্জোক পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰাৰ পাছত আৰ্জেণ্টিনাৰ ফ্ৰান্সিস্...

May 28, 2024 4:12 PM

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী অৱতীৰ্ণ হ’ব

ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী আজি নিজ নিজ সংগীৰ সৈতে পেৰিছত হ’বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী হোৱাৰ বিপৰীতে য়ুকি ভান্ত্ৰী আৰু ফ্ৰান্সৰ আলবান’ অলিভেটিৰ যুটীটো ৰাছিয়াৰ ৰোমান ছাফিউলিন আৰু অষ্ট্ৰেলিয়াৰ জন পিয়াৰ্ছৰ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিৰুদ্ধে অৱশ্যে ভাৰতৰ সুমীত নাগল কালি প্ৰতিযোগিতা...

May 28, 2024 1:23 PM

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাত আজি পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ৰোহন বোপন্না আৰু য়ুকি ভান্ত্ৰী অৱতীৰ্ণ

ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভান্ত্ৰী আজি ফ্ৰান্সৰ পেৰিছত হ'বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী হোৱাৰ বিপৰীতে য়ুকি ভান্ত্ৰী আৰু ফ্ৰান্সৰ আলবান’ অলিভেট্টিৰ যুটীটো ৰাছিয়াৰ ৰোমান ছাফিউলিন আৰু অষ্ট্ৰেলিয়াৰ জন পিয়াৰ্ছ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৱশ্যে ভাৰতৰ সুমীত নাগল কালি প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ...

May 20, 2024 12:50 PM

আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাও গেৰোছত ফ্রেন্স অ’পেন ২০২৪ টেনিছ টুর্নামেণ্ট

ফ্রেন্স অ'পেন ২০২৪ টেনিছ টুর্নামেণ্ট আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাও গেৰোছত অনুষ্ঠিত হ'ব। ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্র খেলত স্থান নিশ্চিত কৰিছে। ২০১৯ চনত প্ৰাজনেছ গুনেশ্বৰণৰ পাছত ফ্ৰেন্স অ'পেন মূল ড্ৰৰ বাবে কোৱালিফায়াৰ কৰা সুমিত নাগাল হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। এই টুর্নামেণ্টৰ পুৰুষৰ ছিংগলছৰ এইবাৰ মূল আকৰ্ষণ হ'ব কিং অব্ ক্লে হিচাপে খ্যাত স্পেইনৰ ৰাফেল নাডাল আৰু ছাৰ্বিয়াৰ বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ ন'ভাক জ'ক'ভিক ।