June 15, 2024 1:55 PM

ইউৰো কাপ ২০২৪ৰ উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত

ইউৰো কাপ ২০২৪ত মিউনিখৰ এলিয়ানজ এৰিনা ফুটবল ষ্টেডিয়ামত কালি অনুষ্ঠিত উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ'লত পৰাস্ত কৰে। আয়োজক দল জাৰ্মানীৰ হৈ খেলৰ প্ৰথমাৰ্ধত কাই হাভাৰ্টজ, ফ্লৰিয়ান উইটজ আৰু জামাল মুছিয়ালাই এটাকৈ গ'ল দিয়ে। দ্বিতীয়ার্ধত নিক্লাছ ফুলক্রুগ আৰু এমৰে কেনে এটাকৈ গ'ল দিয়ে। স্কটলেণ্ডৰ হৈ খেলৰ ৮৭ মিনিটত এণ্টনিঅ’ ৰুডিগাৰে এটা গ'ল দিবলৈ সমর্থ হয় । আজি কল'নত গ্ৰুপ এৰ এখন খেলত হাংগেৰীয়ে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। আনহাতে বাৰ্লিনত গ্রুপ বিৰ এখন খেলত ক্ৰ'ৱেচিয়া স্পেইনৰ মুখামুখি...

June 12, 2024 1:47 PM

ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দল ১-২ গ’লত পৰাস্ত

ডোহাত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দলটোৱে বৰ্তমানৰ এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে ১-২ গ’লত পৰাস্ত হয়। ভাৰতৰ হৈ ললিয়ানজুয়ালা ছাংটেই ৩৭ মিনিটত প্ৰথমটো গ'ল দি দলক অগ্রগতি প্ৰদান কৰে যদিও কাটাৰৰ যোচেফ আয়মেনে ৭৩ মিনিটত গল দিবলৈ সমৰ্থ হয়। খেলৰ ৮৫ মিনিটত কাটাৰৰ আহমেদ আল ৰাৱীয়ে আন এটা গলেৰে কাটাৰৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ লগে লগে ভাৰতে এ এফ চি এছিয়ান কাপ ২০২৭ৰ বাবেও যোগ্যতা লাভৰ পৰা বঞ্চিত হৈছে।