May 11, 2024 5:21 PM
খাদ্য সামগ্ৰীত প্ৰয়োগ কৰা কীটনাশকৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ মান গোলকীয় পৰ্যায়ৰঃ চৰকাৰ
কেন্দ্ৰীয় চৰকাৰে খাদ্য সামগ্ৰীত প্ৰয়োগ কৰা কীটনাশকৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ মান গোলকীয় পৰ্যায়ৰ আৰু ভিন ভিন খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বেলেগ বেলেগ মাত্রাত কীটনাশক প্ৰয়োগ কৰা হয় বুলি স্পষ্ট কৰি দিছে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধীকৰণে বনৌষধি আৰু মছলাৰ ক্ষেত্ৰত ১০ গুণ অধিক কীটনাশক প্ৰয়োগৰ অনুমতি প্রদান কৰে বুলি দাবী কৰি একাংশ সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এইদৰে স্পষ্টীকৰণ দিছে। কীটনাশক আইন, ১৯৬৮ ৰ অধীনত গঠন কৰা কেন্দ্ৰীয় কীটনাশক ব'ৰ্ড আৰু পঞ্জীয়ন সমিতিৰ জৰি...