July 24, 2024 7:03 PM
কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অস্বীকাৰ
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। ৰাজ্যসভাৰ শূন্যকালত আজি বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ ওলোটাই এই বুলি অভিযোগ কৰে যে, বিৰোধী শাসিত ৰাজ্যসমূহলৈ একোৱেই দিয়া হোৱা নাই বুলি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী পক্ষই অবিৰতভাৱে জনসাধাৰণক পতিয়ন নিওৱাৰ চেষ্টা কৰি আহিছে। তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে, প্ৰতিখন বাজেটত দেশৰ প্ৰত্যেকখন ৰাজ্যৰ নাম উল্লেখ কৰাৰ সুবিধা নাথাকে। কোনো এখন নিৰ্দিষ্ট ৰাজ্যৰ নাম বাজেট...