August 9, 2024 11:53 AM

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাঠাইতো পুনৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিগত দুদিন ধৰি হোৱা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বৰাক নৈৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে। বছৰটোত এয়া চতুৰ্থবাৰৰ বাবে বৰাক নৈৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিছে। জানিব পৰা মতে বৰাকৰ জলস্তৰ ঘণ্টাত তিনি চেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে। ফলস্বৰূপে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিস্তৃর্ণ অঞ্চল পুনৰ প্লাৱিত হোৱাৰ আশংকাৰ কৰা হৈছে। ইপিনে গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা দৈয়াং নৈৰ উৎসত...