April 10, 2024 7:52 PM

শ্ৰীলংকাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱা ১৯ জন ভাৰতীয় মাছমৰীয়া চেন্নাইত উপস্থিত

শ্ৰীলংকাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱা ১৯ জন ভাৰতীয় মাছমৰীয়া আজি পুৱা চেন্নাইত উপস্থিত হয়। ৰামানাথাপুৰম জিলাৰ ২১ জন মাছমৰীয়াই ১৭ মাৰ্চত দুখন নাৱেৰে মাছ ধৰিবলৈ গৈছিল আৰু তেওঁলোকৰ নাওখনে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি শ্ৰীলংকাৰ জলভাগত প্ৰৱেশ কৰাৰ অভিযোগত দেশখনৰ নৌসেনাই গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত তেওঁলোকক জাফনা আদালতত হাজিৰ কৰোৱা হৈছিল। আন্তঃৰাষ্ট্ৰীয় জলসীমা পাৰ কৰাৰ অপৰাধত পুনৰ গ্ৰেপ্তাৰ হোৱা এজন মাছমৰীয়াক এবছৰৰ কাৰাদণ্ড বিহা হয় আৰু আন এজন মাছমৰীয়াক ছমাহৰ বাবে কাৰাদণ্ড বিহা হয়। বাকী কেইজন...