May 27, 2024 7:18 PM

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বাতিল

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈও এই সেৱা বন্ধ থাকিব। সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰত ব্যক্তিগত নাৱৰ চলাচলো বন্ধ কৰা হৈছে। একেদৰে শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশ অনুসৰি পূব মধ্য বংগোপ সাগৰত বিকশিত হোৱা ঘূৰ্ণী বতাহৰ পৰিপ্ৰেক্ষিতত সতর্কবাণী জাৰি কৰা হৈছে। এই অনুযায়ী জিলাখনত সকলো ফেৰী সেৱা পৰিচলনা কৰা বিভাগ আৰু ব্যক্তিগত নাও, জাহাজক আজ...