July 15, 2024 10:22 AM

ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা এন টি এৰ

■ এন টি এ অর্থাৎ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে স্নাতক পৰ্যায়ত নামভৰ্তিৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। এই পৰীক্ষা অহা ১৯ জুলাইত অনুষ্ঠিত হ'ব। সকলো ভুক্তভোগী পৰীক্ষাৰ্থীলৈ ই-মেইল যোগে এই খবৰ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ্থীসকলক প্ৰৱেশ-পত্ৰ শীঘ্ৰেই প্ৰদান কৰা হ'ব।

May 6, 2024 2:31 PM

কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষা পৰিষদ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষা পৰিষদ, চি আই এছ চি ইয়ে আজি দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলসমূহ ঘোষণা কৰিছে। চি আই এছ চি ইৰ তথ্য অনুসৰি আই চি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৯.৪৭ শতাংশ হোৱাৰ বিপৰীতে আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৮.১৯ শতাংশ। উল্লেখযোগ্য যে পৰিষদৰ দশম আৰু দ্বাদশ উভয় পৰীক্ষাৰ ফলাফলতে ছাত্রীসকলে শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে। আই চি এছ ইৰ এইবাৰৰ ফলাফলত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৯.৬৫ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৯.১ শতাংশ একেদৰে আই এছ চিত ছোৱালীয়ে ৯৮.৯২ শতাং...