August 21, 2024 12:31 PM

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত

● কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত হৈছে। সেই অনুসৰি যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত সদস্যৰ সংখ্যা ৭.৮৬ শতাংশ বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে কৈছে যে কর্মসংস্থাপনৰ সুযোগ বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত সংস্থাটোত অন্তৰ্ভুক্ত সদস্যৰ সংখ্যা বৃদ্ধি পাইছে।

August 4, 2024 11:33 AM

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ জৰিয়তে প্ৰায় ২০০ গৰাকী যুৱক-যুৱতীৰ বাবে কর্মসংস্থাপন সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডৰ সামগ্রিক বিকাশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশ বিদেশৰ পৰ্যটকসকলক বিশ্বমানৰ সা-সুবিধা প্ৰদানৰ লক্ষ্যৰে কালি ৰাজ্য চৰকাৰে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসম পর্যটন উন্নয়ন নিগম আৰু এমালগেমেটেড প্লেণ্টেছন প্রাইভেট লিমিটেডৰ এই বুজাবুজিত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত ১২০ কোটি টকা বিনিয়োগ কৰা হ'ব। কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া পঞ্চতাৰকাযুক্ত হোটেলখনত ৭৫ ৰ ...

July 9, 2024 8:57 PM

ৰাজ্যৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰা হ’ব : মুখ্যমন্ত্ৰী

অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰিব। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে ১ লাখ নিযুক্তিৰ পাছত এয়া চৰকাৰৰ অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক সকাহ দিয়াৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি অসম আৰক্ষীৰ ৬ হাজাৰ ৪০০ৰো অধিক পদত, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ ১৩ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তি পৰ...