June 4, 2024 11:19 AM

দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২১৩ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২১৩ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৮৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজন হ'ব। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা ...

June 3, 2024 6:45 PM

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটার্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা ৮ বজাত পোষ্টেল বেলট গণনা আৰম্ভ হ'ব আৰু ৩০ মিনিট পাছত ইভিএম মুকলি কৰা হ'ব। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ ...

June 3, 2024 5:59 PM

কাইলৈ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নির্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নির্বাচন আয়োগৰ ৱেবচাইট results.eci.gov.inৰ লগতে ভোটাৰ হেল্পলাইন এপ'ত উপলব্ধ হ'ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে' ষ্ট'ৰ অথবা এপ'ল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিট...

May 20, 2024 12:57 PM

ওড়িশাত সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত

ওড়িশাত অহা ২৫ মে' আৰু পহিলা জুনত হ'বলগীয়া ষষ্ঠ আৰু অন্তিম পৰ্যায়ৰ সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত আছে। বিজেডি, বিজেপি আৰু কংগ্ৰেছকে ধৰি সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ৰাজনাথ সিঙে কালি বৰগড় সংসদীয় সমষ্টিৰ লোকসভা আৰু বিধানসভা আসন কেইখনৰ বাবে দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাই জনসাধাৰণক তেওঁলোকৰ প্ৰতি সমর্থন আগবঢ়াবলৈ আহ্বান জনায়। ...

May 20, 2024 1:15 PM

৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসনসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্রহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ ১৪ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা আই ভি এমসমূহ ৫০ টা স্ট্রং ৰূমত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। ইপিনে, কালি গুৱাহাটীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ উদ্যোগত দলৰ কাউণ্টিং এজেণ্টসকলৰ বাবে বিশ...

May 20, 2024 12:26 PM

লোকসভা পৰৱতী দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা পৰ্যায়সমূহৰ পৰিস্থিতি পর্যালোচনা কৰি বাকী থকা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহে অধিক আগ্রাসী ৰূপত নির্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঝাৰখণ্ড, পশ্চিমবংগ আৰু ওড়িশাৰ কেইবাখনো নির্বাচনী সভাত অংশ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে আজি ওড়িশাৰ পুৰীত এটা ৰোড শ্ব'ৰ লগতে ৰাজ্যখনৰ ধেনকানান আৰু কটকত নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে বিয়লিৰ ভাগত তেওঁ পশ্চিমবংগৰ তামলুক আৰ...

May 13, 2024 6:55 PM

৬২ শতাংশৰো অধিক ভোটদানেৰে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি

দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৯৬টা সমষ্টিত আজি পুৱা ৭ বজাৰে পৰা লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি দিনৰ ৫ বজা পর্যন্ত সমগ্ৰ দেশত ৬২. ৩-১ শতাংশৰো অধিক ভোটদান সম্পন্ন হৈছে। অন্ধ্ৰ প্ৰদেশত ৬৮ শতাংশৰ অধিক, বিহাৰত ৫৪ শতাংশৰ অধিক, জম্মু-কাশ্মীৰত প্ৰায় ৩৬ শতাংশ, ঝাৰখণ্ডত ৬৩. ১-৪, মধ্যপ্রদেশত ৬৮ শতাংশ, মহাৰাষ্ট্ৰত ৫২. ৪-৯, ওড়িশাত ৬২.৯-৬, তেলেংগানাত ৬১. ১-৬, উত্তৰ প্ৰদেশত ৫৬.৩-৫ আৰু পশ্চিম বংগত ৭৫. ৬...

May 11, 2024 2:34 PM

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে’ত ভোটগ্রহণ

● মধ্যপ্ৰদেশত উজ্জয়ন, মান্দচাউৰ, ধাৰ, ইণ্ডোৰ, খাগান আৰু খানৱা লোকসভা সমষ্টিকে ধৰি মুঠ ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে ৰাজ্যখনৰ মালোৱা, নিমাৰ অংশত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে ৰত্নাম আৰু ইণ্ডোৰত প্ৰচাৰ চলোৱাৰ লগতে মধ্যপ্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভি ডি শৰ্মাই দেৱজ আৰু ধাৰ্ড আৰু প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে উজ্জয়িনীত প্ৰচাৰ চলাব। উল্লেখযোগ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগবিজয় সিং, সঞ্জয় কাপুৰ...

May 9, 2024 12:49 PM

৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰাংগলত নিৰ্বাচনী সমাবেশত আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্ব'ত ভাগ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভ...

May 9, 2024 12:47 PM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায় বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা নিশ্চিত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৫৮৬ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ খন, মহাৰাষ্ট্ৰৰ ১৩ খন, পশ্চিমবংগৰ ৭খন, বিহাৰ আৰু ওড়িশাৰ ৫ খনকৈ, ঝাৰখণ্ডৰ তিনিখন, আৰু জম্মু কাশ্মীৰ তথা লাডাখত এখনকৈ আসনৰ বাবে ২০ মে'ত ভোটগ্ৰহণ কৰা হব।