May 14, 2024 6:26 PM
উত্তৰ কাশ্মীৰৰ ১ নম্বৰ বাৰামুল্লা সমষ্টিত ৮৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু দিব্যাংগৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা
উত্তৰ কাশ্মীৰৰ ১ নম্বৰ বাৰামুল্লা সংসদীয় সমষ্টিৰ এটা অংশ সীমান্তৱৰ্তী কুপৱাড়া জিলাত ৮৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু দিব্যাংগসকলৰ বাবে আজিৰে পৰা ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে। জিলাখনৰ ছটা বিধানসভা ক্ষেত্ৰৰ আটাইকেইটাতে মুঠ ৭০ শতাংশৰো অধিক দিব্যাংগ আৰু ৪০২ গৰাকী ৮৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে এই সুবিধা গ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিছে। উল্লেখযোগ্য যে কুপৱাড়া জিলাত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত অহা ২০ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। নির্বাচন আয়োগৰ ঐতিহাসিক পদক্ষেপ ‘ঘৰৰ পৰাই ভোটদানৰ সুবিধা'ৰ অধীনত যো...