September 13, 2024 8:16 PM

নির্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভঙ্কৰ আৰু এটা ল’গ মুকলি

নির্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ তথা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ আজি অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভঙ্কৰ আৰু এটা ল'গ মুকলি কৰা হয়। অসমৰ কৃষ্টি- সংস্কৃতিৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা লাডু আৰু পিঠা প্রতীকিৰ এই শুভংকৰ দুটা অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গ'ৱেলে মুকলি কৰে। এই শুভংকৰ দুটাৰ লগতে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এটা ল'গ' মুকলি কৰে। ৰংঘৰ, ব্ৰহ্মপুত্ৰ, বিহু আৰু গড়ক সামৰি এই ল'গ'টো প্ৰস্তুত কৰা হৈছে। শুভং...

September 5, 2024 6:03 PM

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা ১২ ছেপ্তেম্বৰ। ১৩ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইফালে, ১৬ ছেপ্তেম্বৰৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। ৯০ খন আসনবিশিষ্ট হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে ৫ অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচনৰ ভোটগণনা ৮ অক্টোবৰত সম্পন্ন হ'ব।

July 19, 2024 7:26 PM

ভোটাৰ তালিকাৰ সংশোধনৰ সময়সীমা নির্ধাৰণ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে লোকসভা নিৰ্বাচনত জয়লাভ কৰা ৰাজ্যৰ ৫গৰাকী বিধায়কে প্রতিনিধিত্ব কৰা ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচন বাবে ভোটাৰ তালিকাৰ সংশোধনৰ সময়সীমা নির্ধাৰণ কৰিছে। সেই অনুসৰি অহা ৩০ জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ৩০ জুলাইৰ পৰা ১০ আগষ্টলৈ দাবী আৰু আপত্তি দাখিল কৰিব পৰা যাব। ৩ আৰু ৪ আগষ্টত বিশেষ অভিযানত দিন ধাৰ্য কৰা হৈছে। নির্বাচন আয়োগে ১৯ আগষ্টৰ ভিতৰত দাবীসমূহ নিস্পত্তি কৰি ২০ আগষ্টত চূড়ান্ত ভোটাৰ তালিক প্ৰকাশ কৰিব। উপ-নির্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে – ধলাই, চিদলী, বঙাইগাঁও,...

May 26, 2024 12:42 PM

নির্বাচন আয়োগৰ লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য প্রকাশ

নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ হৈ যোৱা পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য কালি প্রকাশ কৰিছে। নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ত আয়োগে প্রকাশ কৰা ভোটদানৰ হাৰ বিসংগতিপূর্ণ বুলি বিৰোধী ৰাজনৈতিক দলসমূহে কৰি অহা অভিযোগক নসাৎ কৰি কালি আয়োগে ভোটদানৰ হাৰ সাল-সলনি কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে বুথ পৰ্যায়ৰ ভোটদানৰ হাৰ আয়োগক প্ৰকাশ কৰিবলৈ নির্দেশনা দিব লাগে বুলি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল যদিও যোৱা ২৪ মে'ত ন্যায়ালয়ে এই আবেদন অগ্রাহ্য কৰি আয়োগক নির্দেশনা দিবলৈ অস্বীক...

May 17, 2024 12:35 PM

অন্ধপ্রদেশত সংঘটিত নির্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে নির্বাচন আয়োগৰ কঠোৰ স্থিতি গ্ৰহণ

নির্বাচন আয়োগে অন্ধপ্রদেশত সংঘটিত নির্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আয়োগে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে লগতে গৃহ মন্ত্ৰ্যালয়ক ভোট গণনাৰ পাছতো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৫টা কোম্পানীক অন্ধ্ৰপ্ৰদেশত নিয়োজিত কৰি ৰাখিবলৈ কৈছে। নতুন দিল্লীত কালি অন্ধ্ৰপ্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে হোৱা বৈঠকত মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নির্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ ...

May 15, 2024 8:03 PM

লোকসভা নিৰ্বাচনৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি লোকসভা নিৰ্বাচনৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৱে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পঞ্চম আৰু ষষ্ঠ পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া ৪৯টা আৰু ৫৭টা সংসদীয় সমষ্টিত নিয়োজিত পৰ্যৱেক্ষকসকলৰ সৈতে বৈঠকত মিলিত হয়।

May 7, 2024 12:46 PM

ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি নির্বাচন আয়োগৰ নিৰ্দেশনা

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি এলানি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দলসমূহে তিনি ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰাই নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আয়োগে এটা বিজ্ঞপ্তিৰ জৰিয়তে ডীপ ফেক ভিডিঅ' আৰু অডিঅ' ব্যৱহাৰ কৰি ৰাজনৈতিক দলসমূহে অপপ্ৰচাৰ চলোৱাৰ ঘটনা অতি উদ্বেগজনক বুলি উল্লেখ কৰিছে।

April 29, 2024 1:02 PM

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত ৬খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৭টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ ৭ খন আসন, হাৰিয়ানাৰ ১০ খন, উত্তৰ প্ৰদেশৰ ১৪ খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮ খনকৈ, ওড়িশাৰ ৬ খন আৰু ঝাৰখণ্ডৰ ৪খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পর্যায়ত প্রার্থীসকলে অহা ৬ মেলৈ মনোনয়ন দাখিল কৰিব পাৰিব। ৭ মে'ত মনোনয়ন পত্ৰৰ পুনৰীক্ষণ হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে' মাহৰ ৯ তাৰিখলৈ মনোনয়ন প্ৰত্যাহাৰ ...

April 22, 2024 8:07 PM

গ্ৰীষ্ম প্রবাহৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নির্বাচন আয়োগৰ টাস্ক ফ’ৰ্চ গঠন

নির্বাচন আয়োগে প্ৰতিটো পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গ্ৰীষ্ম প্রবাহৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে। এই টাস্ক ফ'ৰ্চত নির্বাচন আয়োগে, ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলক সন্নিবিষ্ট কৰিছে। তেওঁলোকে ভোটগ্ৰহণৰ ৫ দিন আগতে গ্ৰীষ্ম প্রবাহ আৰু আৰ্দ্ৰতাৰ ফলত সৃষ্টি হব পৰা উদ্বেগজনক পৰিস্থিতি আৰু ইয়াৰ প্ৰশমনমূলক ব্যৱস্থাৰ সন্দৰ্ভত পর্যালোচনা কৰিব। আয়োগে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াসকলৰ সৈতেও পৃথক পৰ্যাল...

April 17, 2024 6:14 PM

কাইলৈ চতুর্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি

চতুর্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এইটো পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। চতুর্থ পৰ্যায়ত অন্ধ্ৰপ্ৰদেশৰ ২৫টা আৰু তেলেংগানাৰ ১৭ টা লোকসভা সমষ্টিৰ আটাইকেইটাৰ লগতে উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ঝাৰখণ্ড আৰু উৰিষ্যাৰ ৪টাকৈ আৰু জম্মু আৰু কাশ্মীৰৰ ১টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা ১৩ মে'ত ভোটগ্রহণ হ'বলগীয়া এইটো পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন...