April 1, 2024 6:52 PM

লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

আসন্ন লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাইছে। প্রিজাইডিং আৰু প্ৰথম প’লিং বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াসকলক প্রশিক্ষণ দিয়া হয়। আনহাতে নির্বাচনী প্রক্রিয়া সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰাৰ বাবে ডিমৌ বিধানসভা সমষ্টি আৰু শিৱসাগৰ বিধানসভা সমষ্টিত ১০৫ গৰাকী সূক্ষ্ম পৰ্যৱেক্ষক নিয়োজিত কৰা হৈছে। এই পৰ্যৱেক্...

April 1, 2024 6:44 PM

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ই ভি এমসমূহ বিতৰণ পূৰ্বে আজি পৰীক্ষা কৰা হয়

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰা অনুসৰি আজি ই ভি এমসমূহ বিতৰণ পূৰ্বে পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াৰ পিছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাৰ ভোটগ্রহণ কেন্দ্ৰসমূহত ই ভি এম, ভি ভি পেট আদি সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব। উল্লেখযোগ্য যে, অসমত তিনিটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত ৫ খন আসনৰ বাবে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, কাজিৰঙা আৰু লখিমপুৰ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব।

April 1, 2024 11:52 AM

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় দৃষ্টিগোচৰৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ অনলাইন এপ্লিকেশ্বন মুকলি

ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা অনলাইন এপ্লিকেশ্বন মুকলি কৰিছে। চি ভিজিল নামৰ এই এপ্লিকেশ্বনটোৰ জৰিয়তে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলে সক্ৰিয় আৰু দায়িত্বশীল ভূমিকা পালন কৰিব পাৰিব। এই সৃষ্টিশীল এপ্লিকেশ্বনটোৰ জৰিয়তে নাগৰিকসকলে নির্বাচনী আচৰণ বিধি ভংগ কৰিব পৰা যিকোনো বিষয় দৃষ্টিগোচৰ হোৱা মাত্ৰেই আয়োগক অৱগত কৰিব পাৰিব। এনেধৰণৰ বিষয় এটা চি ভিজিলৰ জৰিয়তে আয...

March 30, 2024 9:45 PM

ৰাজ্যত ৩টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰশিক্ষণৰ লগতে ভোটাৰ সজাগতা অভিযান

ৰাজ্যত ৩টা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে । গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি কাজিৰঙা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৱণ্টন প্রক্রিয়া সম্পন্ন হয়। উল্লেখযোগ্য যে এই সমষ্টিটোৰ বাবে ১১ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। প্ৰাৰ্থী আৰু প্ৰতিনিধিসকলৰ উপস্থিতিত সমষ্টিটোৰ ৰিটার্ণিং বিষয়া ডা০ পি উদয় প্রবীণে নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ নামত আৱণ্টিত প্রতীক চিহ্নসমূহ ঘোষণা কৰে। ইয়াৰ লগতে সংসদীয় সমষ্টিটোৰ প...

March 30, 2024 9:34 PM

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ দুখন বুজাবুজি চুক্তি

আসন্ন লোকসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। শ্রীগোৱেলে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক অসমৰ সকলো ভোটাৰক ভোটদান সুনিশ্চিত কৰাৰ বাবে অধিক সক্রিয়ভাবে কাম কৰাৰ বাবে আহ্বান জনায়। বুজাবুজিৰ চুক্তি অনুসৰি এওঁলোকে ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাব...

March 30, 2024 8:53 PM

মিজোৰামত আগন্তুক লোকসভা নিৰ্বাচনত ৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

মিজোৰামত আগন্তুক লোকসভা নিৰ্বাচনত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ লগে লগে এতিয়া আনুষ্ঠানিকভাৱে ছয়জন প্রার্থীয়ে নির্বাচনী যুঁজত নামি পৰিছে। শাসকীয় জোৰাম পিপলছ মুভমেণ্টে ৰিচাৰ্ড ভানলালহমাংগাইহাক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে মূল বিৰোধী মিজো নেচনেল ফ্রণ্টে ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ কে ভানলালভেনাক প্রার্থীত্ব দিছে। কংগ্ৰেছে প্রাক্তন এম পি এছ বিষয়া লালবিয়াকজামাক মনোনীত কৰাৰ বিপৰীতে বিজেপিয়ে ৰাজ্যিক সভাপতি ভানলালহমুৱাকাক প্ৰক্ষেপ কৰিছে। পিপল...

March 29, 2024 9:41 PM

শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্রার্থী মহেন্দ্ৰ ওৰাঙৰ মনোনয়ন নাকচ

শোণিতপুৰ লোকসভা সমষ্টিৰ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰা ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ আজি পৰীক্ষা কৰাৰ পাছত নাকচ কৰা হয়। শোণিতপুৰ জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত নিৰ্দলীয় প্রার্থী মহেন্দ্ৰ ওৰাঙৰ মনোনয়ন নাকচ কৰে। উল্লেখযোগ্য যে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্রকাশ পাব।

March 29, 2024 9:39 PM

শিৱসাগৰ জিলাত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি জিলা আয়ুক্তৰ

শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদবে জিলাখনত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি অনুমতিবিহীনভাৱে বা বে-আইনী কাৰ্যকলাপৰ উদ্দেশ্যে ১০ জন বা তাতোধিক লোকৰ সমাবেশ নিষিদ্ধ কৰিছে। ইয়াৰ উপৰি এই নিৰ্দেশ অনুসৰি যিকোনো ব্যক্তি বা ব্যৱসায়িক প্রতিষ্ঠান, কার্যালয় আদিৰ পৰা কোনো ধৰণৰ বৰঙণি সংগ্ৰহ তথা প্ৰদান আৰু এই ক্ষেত্ৰত ভীতি প্ৰদৰ্শন কৰা, প্ৰতিমূৰ্তি দাহ...

March 29, 2024 9:37 PM

লখিমপুৰ শদিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত টেলিফোনসহ নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষ মুকলি

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ইয়াৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিৰ জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শদিয়া জিলা নির্বাচন বিষয়াৰ কাৰ্যালয়ে মহকুমাধিপতি কাৰ্যালয়ত দুটা টেলিফোনৰ সৈতে নিৰ্বাচনী নিয়ন্ত্রণ কক্ষ মুকলি কৰিছে। নিৰ্বাচনী নিয়ন্ত্রণ কক্ষটোৰ টেলিফোন নম্বৰ দুটা হ'ল 037561950 আৰু 03612724230 নির্বাচন সম্পৰ্কীয় যিকোনো তথ্য এই দুটা টেলিফোন নম্বৰ যোগে ৰাইজে জনাব বা জানিব পাৰিব বুলি জনসংযোগ বিভাগে প্রকাশ কৰিছে। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্...

March 29, 2024 9:33 PM

কার্বি আংলং জিলা নির্বাচন বিভাগৰ ৱচবিপ’ আৰু ইক-নী নামেৰে শুভংকৰ প্ৰস্তুত

কার্বি আংলং জিলা নির্বাচন বিভাগে অহা ২৬ এপ্রিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ডিফু লোকসভা সমষ্টিৰ ভোটাৰক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৱচবিপ' আৰু ইক-নী নামেৰে শুভংকৰ প্ৰতীক প্ৰস্তুত কৰি উলিয়াইছে। ডিফু লোকসভা সমষ্টিত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে শুভংকৰ লগত লৈ ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।