June 13, 2024 4:46 PM

ঈদ-উজ-জোহা উপলক্ষে ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰী মক্কা আৰু মদিনাত উপস্থিত

ঈদ-উজ-জোহা উপলক্ষে এইবাৰ ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰীযে পৱিত্ৰ মহানগৰ মক্কা আৰু মদিনাত উপস্থিত হৈছে। ভাৰত চৰকাৰে প্ৰদান কৰা ভালেমান নতুন সা-সুবিধাৰ বাবে এইবাৰ যথেষ্ট সংখ্যক লোকে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। প্ৰথমে ভাৰতীয় হজ কমিটীৰ অধীনত যাত্ৰা কৰা প্ৰায় ৯৫ শতাংশ অর্থাৎ ১ লাখ ৪০ হাজাৰতকৈ অধিক হজ যাত্ৰীক মদিনাৰ মাৰ্কাজিয়া অঞ্চলৰ হোটেলসমূহত থকাৰ ব্যৱস্থা কৰা হয়। ভাৰতীয় হজ কমিটীৰ অধীনত যোৱা সকলো যাত্রীকে মিনাৰ পৰম্পৰাগত সীমাৰ ভিতৰত ৰখাৰ লগতে তেওঁলোকক সুষম খাদ্য প্ৰদান কৰাৰ ব্যৱস...