August 19, 2024 8:11 PM

শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীণ বিকাশ আৰু প্ৰগতিত আৰোহণ আঁচনিয়ে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ শিক্ষামন্ত্ৰী

শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীণ বিকাশ আৰু প্ৰগতিত আৰোহণ আঁচনিয়ে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। প্ৰতিযোগিতাৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰম্ভণিৰে পৰা মন স্থিৰ কৰিব লাগিব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত ৪৩২৪ গৰাকী শিক্ষাৰ্থী আৰু ৪৮১৪ গৰাকী মেণ্টৰে আৰোহণ পোৰ্টেলৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰিছে। একেদৰে ২০২৪-২৫ বৰ্ষত ৪২৮০ গৰাকী শিক্ষাৰ্থী আৰু ১৯৩৪ গৰাকী মেণ্টৰে আৰোহণ পোৰ্টেলৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰে। এই পোৰ্টেলৰ জৰিয়তে ...

August 2, 2024 2:58 PM

দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিবঃ ধর্মেন্দ্র প্রধান

লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিব। সদনত শিক্ষা মন্ত্ৰ্যালয়ে দাবী মঞ্জুৰি সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰী প্ৰধানে এইদৰে প্ৰকাশ কৰে।

August 1, 2024 6:44 PM

গ্ৰীষ্ম বন্ধৰ পাছত পাঠদান আৰম্ভ হোৱাৰ দিনটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱৰ ডিজিটেল মাধ্যমেৰে ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গ্ৰীষ্ম বন্ধৰ পাছত আজি পাঠদান আৰম্ভ হোৱাৰ দিনটোত ডিজিটেল মাধ্যমেৰে ৰাজ্যৰ ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে। সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যালয়ৰ পৰা এই বিদ্যালয়সমূহৰ সৈতে সংযোগ স্থাপন কৰি মন্ত্ৰী ডাঃ পেগুৱে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকললৈ শুভেচ্ছা জনায়। ইয়াৰ পাছতে শিক্ষামন্ত্রী ডাঃ পেগুৱে অসমৰ বিদ্যালয়সমূহত টেলি এডুকেশ্যন, স্মার্ট ক্লাছ তথা আই চি টি ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত ...

July 9, 2024 8:33 PM

সহযোগিতামূলক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক শিক্ষামন্ত্ৰীৰ আহ্বান

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে এটা সহযোগিতামূলক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক আহ্বান জনাইছে। নতুন দিল্লীত আজি কেন্দ্রীয় শাসিত শিক্ষা আৰু সাক্ষৰতা বিভাগসমূহৰ পৰ্যালোচনা বৈঠক মুকলি কৰি শ্ৰীপ্রধানে অনাগত ৫ বছৰত বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ডৰ বিকাশ সাধনৰ সন্দৰ্ভত তেওঁৰ চিন্তাধাৰা প্ৰকাশ কৰি এই আহ্বান জনায়। তেওঁ কৈছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে শিক্ষা হৈছে এটা প্ৰধান স্তম্ভ আৰু তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য...