April 6, 2024 12:52 PM

সামাজিক মাধ্যমযোগে প্ৰচাৰিত ১৫ লাখ ই ভি এম হেৰুওৱাৰ বাৰ্তা ভুৱা বুলি অভিহিত নিৰ্বাচন আয়োগৰ

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ১৫ লাখ ই ভি এম হেৰুওৱাৰ প্ৰচাৰিত বাৰ্তা ভুৱা বুলি অভিহিত কৰিছে। আয়োগে সামাজিক মাধ্যমযোগে কৈছে যে এই বাৰ্তা ভুৱা আৰু বিভ্ৰান্তিকৰ। আয়োগে লগতে কোনো ই ভি এম হেৰুওৱা নাই আৰু উচ্চতম ন্যায়ালয়েও ই ভি এম হেৰুওৱা সন্দৰ্ভত দাখিল কৰা একাধিক আবেদন খাৰিজ কৰিছে বুলি উল্লেখ কৰিছে। জনসাধাৰণে বিশ্বাসযোগ্য তথ্যৰ বাবে আয়োগৰ চৰকাৰী ৱেবছাইট চাব লাগে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।

April 5, 2024 8:08 PM

ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত কঠোৰ নিৰ্বাচন আয়োগ

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগদিনা আৰু ভোটগ্ৰহণৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগ যথেষ্ট কঠোৰ হৈছে। দুয়োটা দিনত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ লব লাগিব বুলি নির্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে। নির্বাচন আয়োগৰ সচিব ৰাজেশ কুমাৰ সিঙে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ নিৰ্দেশ প্রদান কৰিছে। উল্লেখযোগ্য যে, প্রথম পর্যায়ত ১৯ এপ্ৰিলত হবলগীয়া নিৰ্বাচন...

April 5, 2024 7:14 PM

১৯ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ দুটা সংসদীয় সমষ্টিৰ নির্বাচন অনুষ্ঠিত হ’ব

অৰুণাচল প্ৰদেশৰ দুটা সংসদীয় সমষ্টিৰ বাবে অহা ১৯ এপ্ৰিলত নির্বাচন অনুষ্ঠিত হ'ব। পূব অৰুণাচল সংসদীয় সমষ্টিৰ বাবে ছগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। বিজেপি প্রার্থী তথা সমষ্টিটোৰ সংসদ তাপিৰ গাঁও আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বচিৰাম চিৰামৰ মাজত মূল প্রতিদ্বন্দ্বিতা হ'ব। বচিৰাম চিৰাম এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা হোৱাৰ লগতে ৰাজ্যখনৰ প্ৰাক্তন কেবিনেট মন্ত্রী। বিজেপি আৰু কংগ্ৰেছৰ উপৰি ৰাজ্যখনৰ নৱগঠিত দল অৰুণাচল ডেম'ক্রেটিক ফ্রন্টেও প্রার্থী প্ৰক্ষেপ কৰিছে। সমষ্টিটোৰ বাবে প্ৰতিদ্বন্দ্ব...

April 5, 2024 1:18 PM

ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগৰ পুনৰবাৰ স্পষ্ট

♦ দেশৰ ভোটদান প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগে পুনৰবাৰ স্পষ্ট কৰি দিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োগৰ তৰফৰ পৰা ইলেকট্রনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফাইড পেপাৰ অডিটট্রেইল চমুকৈ ভিভিপেট আদিক লৈ থকা সাধাৰণ ভোটাৰৰ বিভিন্ন প্রশ্নৰ উত্তৰ ব্যাখ্যা কৰা হৈছে। নিৰ্বাচন আয়োগে এই বুলি স্পষ্ট কৰি দিছে যে ভোটদানৰ বাবে ই ভি এমৰ ব্যৱহাৰ সম্পূৰ্ণ সুৰক্ষিত। ই ভি এম সমূহ সদায় আৰক্ষীৰ তত্ত্বাৱধানত সুৰক্ষ...

April 5, 2024 11:59 AM

কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলনৰ আয়োজন নির্বাচন আয়োগৰ

♦ নির্বাচন আয়োগে আজি কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলন আয়োজন কৰিছে। নতুন দিল্লীত হ'বলগীয়া এই বৈঠকত আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হ'ব। বৈঠকত নগৰ আৰু চহৰৰ একাংশ এলেকাত কম ভোটদানৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ কাৰ্য পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে বৈঠকত দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দাবাদ, আহমেদাবাদ, পুণে,থানে, নাগপুৰ, পাটনা চাহিব, লক্ষ্ণৌ আৰু কানপুৰৰ পৌৰ আয়ুক্তসক...

April 3, 2024 8:55 PM

শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা

নির্বাচন আয়োগে অবৈধ সুৰা, নগদ ধন, মাদক দ্রব্য, অস্ত্ৰ শস্ত্ৰ আৰু উপঢৌকনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে আন্তৰাজ্যিক আৰু আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত চোকা নজৰ ৰাখিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানসকলক নির্দেশ দিছে। আয়োগে লগতে তেওঁলোকক শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈও নির্দেশ দিয়ে। নির্বাচন আয়োগে আজি নতুন দিল্লীত আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা আৰু মূল্যায়নৰ অৰ্থে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। আয়োগে...

April 3, 2024 6:36 PM

দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থা সৈতে নির্বাচন আয়োগৰ বৈঠকৰ

♦ নির্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে জড়িত বিভিন্ন বিষয় পর্যালোচনা কৰাৰ বাবে আজি বিয়লি দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থাসমূহৰ সৈতে এখন বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত সামগ্রিক আইন শৃংখলা পৰিস্থিতিৰ লগতে অবৈধ কার্যকলাপ প্রতিহত কৰা, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা দৃষ্টি ৰখা আৰু আইন বিৰুদ্ধ সা-সামগ্রী বাজেয়াপ্ত কৰা আদি বিষয়সমূহ গুৰুত্বসহকাৰে আলোচনা কৰা হ'ব। Read More : ভোটাৰ সজাগতাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়...

April 3, 2024 12:22 PM

নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে

♦ নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে। কালি জাৰি কৰা এই নিৰ্দেশত জিলা আয়ুক্তগৰাকীক সোনকালে জিলাখনৰ তেওঁৰ পৰৱৰ্তী জ্যেষ্ঠ বিষয়াগৰাকীক দায়িত্ব অর্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। Read More :  দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল  প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত  উল্লেখযোগ্য যে, জিলাখনত ভি ভি পেট মেছিনৰ পৰীক্ষণৰ সময়ত এটা মেছিনৰ সন্ধান লাভ নকৰাৰ সন্দৰ্ভত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে অনুসন্ধান কৰি দেশৰ নিৰ্বাচন ...

April 2, 2024 8:17 PM

বিভ্রান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ নির্বাচন আয়োগৰ

♦ নির্বাচন আয়োগে আসন্ন লোকসভা নিৰ্বাচনত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ ৰোধ কৰাৰ উদ্দেশ্যে বিভ্রান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ কৰিছে। নির্বাচন আয়োগে এখন বিজ্ঞপ্তিযোগে কৈছে যে, এই পঞ্জীৰ যোগেদি তথ্যৰ সত্যাসত্য নিৰূপনৰ লগতে বিভ্ৰান্তিকৰ তথ্যৰ প্ৰচাৰ ৰোধ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে এইবাৰৰ নিৰ্বাচনৰ প্ৰধান বিষয়সমূহৰো তথ্য লাভ কৰিব পৰা যাব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই পঞ্জীত নিৰ্বাচনৰ সৈতে জড়িত বিভ্ৰান্তিকৰ তথ্য, চোচিয়েল মিডিয়াৰ অপপ্ৰচাৰ আৰু গুৰুত্বপূৰ্ণ বিষয় সম্পর্কে সাধাৰণতে ...

April 2, 2024 7:11 PM

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বাবে নির্বাচন আয়োগৰ ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ

♦ নির্বাচন আয়োগে সমাগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বিষয় লৈ মতামত আগবঢ়োৱা আৰু সমগ্ৰ প্ৰক্ৰিয়াত নজৰ ৰখাৰ বাবে ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ কৰিছে। এই ৰাজ্যকেইখনৰ ভিতৰত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা আছে। বিশেষ পৰ্য্যবেক্ষকসকলক বিশেষকৈ সীমান্তৱৰ্তী এলেকাত গণতান্ত্ৰিক প্ৰক্ৰিয়া বিঘ্নিত কৰিব পৰা যিকোনো প্রয়াস ৰোধ কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। নিৰ্বাচন আয়োগে অন্ধ্রপ্রদেশ, কর্ণাটক, তামিলনাড়ু, উত্তৰ প্ৰদেশ আৰু ওড়িশাত...