May 8, 2024 7:51 PM

১৩ মে’ত হ’বলগীয়া চতুর্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি বুজ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ১৩ মে’ত হ’বলগীয়া চতুর্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি নিৰীক্ষণৰ বাবে নিয়োগ কৰা ৩৫৪ গৰাকী নিৰীক্ষকে আজি এই পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ সবিশেষ বুজ লয়। সেই উপলক্ষে আয়োজিত বৈঠকত মুখ্য নির্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে এই নির্বাচন মুক্ত, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে গ্রীষ্ম প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি ভোটকেন্দ্ৰসমূহত প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ উপৰি যাৱতীয় ব্যৱস্থাসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিছে।

May 7, 2024 12:46 PM

ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি নির্বাচন আয়োগৰ নিৰ্দেশনা

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি এলানি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দলসমূহে তিনি ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰাই নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আয়োগে এটা বিজ্ঞপ্তিৰ জৰিয়তে ডীপ ফেক ভিডিঅ' আৰু অডিঅ' ব্যৱহাৰ কৰি ৰাজনৈতিক দলসমূহে অপপ্ৰচাৰ চলোৱাৰ ঘটনা অতি উদ্বেগজনক বুলি উল্লেখ কৰিছে।

May 6, 2024 1:38 PM

নির্বাচনী আচৰণ বিধি উলংঘা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ নিৰ্বাচন আয়োগৰ আহ্বান

♦ দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ আহ্বান জনাইছে। চি-ভিজিল এপ ডাউনল'ড কৰি ফটো, ভিডিঅ' আৰু অডিঅ'ৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিষয়ে আয়োগক অৱগত কৰিব পাৰি। এই বিষয়ে জিলা নির্বাচনী বিষয়াকো পোনপটীয়াকৈ অভিযোগ দিব পাৰি। অভিযোগ দাখিল কৰা ব্যক্তিৰ বিষয়ে সকলো তথ্য গোপনে ৰখা হ'ব বুলি আয়োগে প্ৰকাশ কৰিছে।

May 3, 2024 11:27 AM

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা, প্ৰয়োজনীয় তথ্যপাতি থকা পৰ্যটক আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

May 3, 2024 11:16 AM

৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেল...

May 2, 2024 11:08 AM

গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ উপৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শ্রীগোৱেলে তদাৰকী বিভাগক নির্বাচনী বিধি উলংঘাৰ যিকোনো অভ...

April 25, 2024 6:39 PM

নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে নির্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগৰ বিষয়টোত নির্বাচন আয়োগৰ গুৰুত্ব

নির্বাচন আয়োগে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নির্বাচনী আচৰণবিধি উলংঘা কৰা বুলি উত্থাপিত অভিযোগৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্রেছ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি ২৯ এপ্ৰিলৰ দিনৰ ১১ বজাৰ ভিতৰত বিষয়টো সন্দৰ্ভত সঁহাৰি জনাবলৈ কৈছে । আয়োগে পত্ৰখনত সকলো তাৰকা প্ৰচাৰক ৰাজনৈতিক বাগধাৰাৰ উচ্চমান বৰ্তাই ৰাখিবলৈ আৰু নির্বাচনী আচৰণবিধি ব্যৱস্থাসমূহ আখৰে আখৰে পালন কৰিবলৈ নিৰ্দেশ দিছে। কংগ্ৰেছ, চি...

April 15, 2024 7:07 PM

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিধি বলৱৎকাৰী সংস্থাসমূহৰদ্বাৰা দেশত ৪,৬৫০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ

লোকসভা নিৰ্বাচনৰ ৭৫ বছৰীয়া ইতিহাসত বিধি বলৱৎকাৰী সংস্থাসমূহে এইবাৰ অভিলেখ পৰিমাণৰ ধন জব্দ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে সংস্থাসমূহে যোৱা ১ মাৰ্চৰ পৰা প্ৰতিদিনে এশ কোটি টকা জব্দ কৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিধি বলৱৎকাৰী সংস্থাসমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এই পর্যন্ত দেশত ৪,৬৫০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হৈছে। তথ্য অনুসৰি ৩৯৫ কোটিৰো অধিক ধনৰ লগতে ৪,০৮৯ কোটি টকা মূল্যৰ সুৰা জব্দ কৰা হৈছে। ইয়াৰ লগতে ৫৬২ কোটি টকা মূল্যৰ সোণ আৰু ১,১৪২ কোটি টকা মূল্যৰ...

April 12, 2024 5:12 PM

মধ্যপ্ৰদেশত এতিয়ালৈ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ

মধ্যপ্রদেশত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচন আয়োগৰ দলে এমাহতকৈও কম সময়ৰ ভিতৰত ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ কৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্য নির্বাচনী বিষয়া অনুপম ৰাজনে সদৰী কৰা অনুসৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ পাছৰে পৰা এতিয়ালৈকে ১০৩ কোটি ৩৩ লাখ টকা মূল্যৰ বিভিন্ন সামগ্রী জব্দ হৈছে। ইয়াৰ ভিতৰত ১৩ কোটি ৭৭ লাখ নগদ ধন, ২৪ কোটি ৬৪ লাখ টকাৰ সুৰা আৰু ১৯ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী অন্যতম। ইয়াৰ সমান্তৰালকৈ চি...

April 7, 2024 6:30 PM

ভাৰতৰ নিৰ্বাচন আয়োগৰ সুবিধা প’ৰ্টেলযোগে ৭৩ হাজাৰৰো অধিক আবেদন লাভ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা যোৱা ২০ দিনৰ ভিতৰত সুবিধা প'ৰ্টেলযোগে ৭৩ হাজাৰৰো অধিক আবেদন লাভ কৰা হৈছে বুলি ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সুবিধা প'ৰ্টেলৰ জৰিয়তে নির্বাচনী প্ৰচাৰৰ সময়ত সমাৱেশৰ আয়োজন, ৰাজনৈতিক দলৰ অস্থায়ী কাৰ্যালয় মুকলি, ঘৰে ঘৰে প্ৰচাৰ, ভিডিঅ' ভেন, হেলিকপ্টাৰ, বাহনৰ অনুজ্ঞাপত্ৰ লাভ কৰা আৰু প্ৰচাৰ সামগ্ৰী বিতৰণ কৰাৰ অনুমতি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আয়োগে কয় যে, এই পর্যন্ত লাভ কৰা ৭৩,৩৭৯ আবেদনৰ ভিতৰত ৪৪,৬২৬ খন আবেদন গ্রহণ কৰা হৈছে। আনহাতে, প্ৰা...