May 30, 2024 1:08 PM

ঢাকা আৰু কাষৰীয়া অঞ্চলত ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ ভূইকঁপৰ জোকাৰণি

বাংলাদেশৰ ঢাকা আৰু কাষৰীয়া অঞ্চলসমূহক কালি বিয়লি ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। বাংলাদেশৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বাজি ১৩ মিনিটৰ এই ভূমিকম্পৰ জোকাৰণি ঢাকা, ছট্টগ্রাম, চিলেট আৰু আন কিছু অঞ্চলত অনুভূত হয়। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগে ঢাকাৰ পূবে প্ৰায় ৪৩৯ কিলোমিটাৰ দূৰত্বত ম্যানমাৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বুলি জানিবলৈ দিছে। অৱশ্যে ভূমিকম্পৰ ফলত দেশখনত এই পর্যন্ত কোনো লোক নিহত হোৱা নাই আৰু সম্পত্তিৰো হানি-বিঘিনি হোৱা নাই বুলি জানিব পৰা গৈছে।

April 23, 2024 12:26 PM

টাইৱানৰ পূব প্ৰান্তত কালি নিশা কেইবাটাও ভূমিকম্পৰ জোকাৰনি অনুভূত

টাইৱানৰ পূব প্ৰান্তত কালি নিশা কেইবাটাও ভূমিকম্পৰ জোকাৰনি অনুভূত হয়। ইয়াৰে আটাইতকৈ শক্তিশালী ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.১ আছিল । ভূমিকম্পৰ অভিকেন্দ্ৰ টাইৱানৰ হুৱালিয়েন চহৰৰ পৰা ২৮ কিলোমিটাৰ দক্ষিণে ১০ দশমিক ৭ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে দেশখনত চলিত মাহৰ আৰম্ভণিতে ৭ দশমিক ৪ প্রাবল্যৰ ভূমিকম্পত ১৩ জন লোকৰ মৃত্যুৰ হোৱাৰ লগতে এহেজাৰৰো অধিক লোক আহত হৈছিল।

April 4, 2024 12:03 PM

টাইৱানত ভূমিকম্পঃ প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰিৰ বাবে কৃতজ্ঞতা টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনৰ

♦ টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে দ্বীপৰাষ্ট্ৰখনক ৰিখটাৰ স্কেলত ৭.৪ প্রাবল্যৰ ভূমিকম্পই জোঁকাৰি যোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা সঁহাৰিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে বিপদৰ পাছত পুনৰ মূৰ দাঙি উঠিবলৈ চলোৱা প্ৰচেষ্টাৰ সময়ত প্রধানমন্ত্ৰী শ্ৰীমোডীৰ সঁহাৰিয়ে দেশখনৰ জনসাধাৰণৰ বাবে শক্তিৰ উৎস হিচাপে কাম কৰিব বুলি উল্লেখ কৰে। এই সঁহাৰিৰ বাবে দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি লাই-চিং টেয়েও শ্রীমোডীক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ আগেয়ে প্ৰধানম...

April 3, 2024 7:37 PM

টাইৱানত ভূঁইকঁপঃ কমেও ৭ গৰাকী লোকৰ প্রাণ হানি

♦ টাইৱানত আজি সংঘটিত এটা ভূঁইকঁপৰ ঘটনাত কমেও ৭ গৰাকী লোকৰ প্রাণ হানি হোৱাৰ লগতে আন প্রায় ৭০০ গৰাকী লোক আহত হয়। এই বাতৰি যুগুতোৱাৰ পৰলৈ ভূমিকম্পৰ কবলত পৰা অঞ্চলসমূহত ভালেমান লোক আবদ্ধ হৈ পৰা বুলি দেশখনৰ প্ৰশাসনে প্রকাশ কৰিছে। দেশখনৰ পূব উপকূলত সংঘটিত বিখটাৰ স্কেলৰ ৭.৪ প্রাবল্যৰ এই ভূমিকম্পৰ ফলত অঞ্চলটোত ছুনামিৰ আশংকা প্ৰকাশ পাইছে। Read More : পৰ্টুগালৰ প্রধানমন্ত্ৰীৰূপে নিৰ্বাচিত লুইছ মণ্টেনগ্ৰক প্রধানমন্ত্রীৰ অভিনন্দন  দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থা সৈতে ...