September 1, 2024 1:09 PM

নর্থ ইষ্ট ইউনাইটেড এফ চিৰ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ দখল

নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত গুৱাহাটীৰ দলটোৱে বিগত বৰ্ষৰ ছেম্পিয়ন তথা আই এছ এলৰ লীগৰ খিতাপ বিজয়ী মোহন বাগান দলক টাইব্রেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাজিত কৰে। উল্লেখযোগ্য যে, এই প্রতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেডে প্রতিখন খেলতে জয়লাভ কৰিছে।

August 18, 2024 7:53 PM

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত  ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অহা ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। দিনৰ ৪ বজাত অনুষ্ঠিত হ'বলগীয়া খেলখনত গ্রুপ ইৰ চেম্পিয়ন তথা আই এছ এলৰ গুৱাহাটীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে গ্রুপ বিৰ চেম্পিয়ন তথা প্ৰতিযোগিতাৰ আয়োজক ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ পুৰণি তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ গ্ৰুপ লীগৰ খেলসমূহৰ অন্তত ৮ টা দলে কোৱাৰ্টাৰ ফাইনেল খেলিব। ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগ...

July 3, 2024 1:16 PM

অহা ৭ জুলাইত ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক সংস্কৰণ আৰম্ভ

এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক সংস্কৰণ অহা ৭ জুলাইত আৰম্ভ হ'ব। ভাৰতীয় সেনাই আয়োজন কৰা এই প্ৰতিযোগিতা এইবাৰ অসমৰ কোকৰাঝাৰৰ লগতে শ্বিলং, জামছেদপুৰ আৰু কলকাতাকে ধৰি দেশৰ ৪ খন চহৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, এইবাৰৰ প্ৰতিযোগিতাত মুঠ ২৪টা দলে অংশগ্রহণ কৰিব।