September 12, 2024 1:28 PM

জুৰীয়াৰ দগাঁও আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ৪ টা সৰবৰাহকাৰীক আটক

জুৰীয়াৰ দগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই চাৰিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জুৰীয়াৰ কাঙ্গুলীমাৰী কটকী গাঁও আৰু পশ্চিম মুকুন্দআটি গাঁৱত অভিযান চলাই এই সৰবৰাহকাৰীকেইটাক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটা ছাদ্দাম হুছেইন, আনারুল ইছলাম, আবুল হুছেইন আৰু বুলবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। অভিযানৰ সময়ত ৫.২৫ গ্রাম ড্ৰাগছ জব্দ কৰা হয়। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইটাক জেৰা কৰি আছে।

June 26, 2024 8:50 PM

২,১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰৱ্য জব্দ অসম চৰকাৰৰ

অসম চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অক্ষুণ্ণ ৰাখি ২হেজাৰ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰৱ্য জব্দ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰোধী দিৱসৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰি কয় যে ৰাজ্যখন মাদক দ্রব্য মুক্ত কৰাৰ দিশত চৰকাৰে লক্ষ্য স্থিৰ কৰিছে। ভৱিষ্যতৰ অসমখনক যাতে নতুন প্ৰজন্মই মাদক দ্ৰব্যৰ আসক্তিৰ পৰা মুক্ত হৈ সুস্থ জীৱন লাভ কৰিব পাৰে তাৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্...

June 8, 2024 6:33 PM

গুৱাহাটী ৰে’লৱে ষ্টেচনত বুজন পৰিমাণৰ ভাং জব্দ, কাৰ্বি আংলঙত হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ

ৰে’লৱে আৰক্ষীয়ে আজি গুৱাহাটী ৰে'লৱে ষ্টেচনত অভিযান চলাই বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমর্থ হয়। নিউ তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছত চলোৱা তালাচীত ৰে'লৱে আৰক্ষীয়ে প্রায় ৪৪ কিলোগ্রাম ভাং জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেৰালাৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুযায়ী লোক দুজনে নিচাযুক্ত দ্ৰব্যখিনি গুৱাহাটীৰ পৰা বেংগালুৰুলৈ নিয়াৰ প্ৰচেষ্টা চলাইছিল। ইফালে কার্বি আংলং জিলাতো জিলা আৰক্ষীয়ে অভিযান চলাই লাহৰিজানত এখন বাহনৰ পৰা ৮৪৫ গ্ৰামৰো অধিক হেৰ'ইন জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্ত...

June 6, 2024 11:35 AM

কাৰ্বি আংলঙৰ ডিলাইত ৪০ হাজাৰ য়াবা টেবলেটসহ দুজনক কৰায়ত্ত

অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে কালি কাৰ্বি আংলং জিলা আৰক্ষীয়ে জিলাখনৰ ডিলাইত অভিযান চলাই এখন বাহনত লৈ অহা অৱস্থাত ৪০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে ইয়াৰ সৰবৰাহৰ লগত জড়িত দুজন লোকক কৰায়ত্ত কৰি অধিক তথ্যৰ বাবে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জব্দ কৰা টেবলেটখিনিৰ মূল্য প্রায় ৮ কোটি টকা হ'ব বুলি জানিবলৈ দিছে।

May 25, 2024 7:59 PM

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। এচাম যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ লগতে সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ২,১৬৬ কোটি টকাতকৈও অধিক নিচাজাতীয় সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে বুলি অৱগত কৰে।

May 4, 2024 8:11 PM

ৰাজ্যৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী, আবকাৰী বিভাগ আৰু অন্যান্য সুৰক্ষা বাহিনীসমূহে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত আবকাৰী বিভাগ আৰু এছ এছ বিয়ে যুটীয়াভাৱে অভিযান চলাই বুজন পৰিমাণৰ সুৰাসহ দুজন লোকক আটক কৰিছে। আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই থকাৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা অবৈধভাৱে আমদানি কৰা সুৰাৰ ব্যৱসায় অব্যাহত আছে। এই বিষয়ে লাভ কৰা গোপন তথ্যৰ পৰিপ্ৰেক্ষিতত অভিযান চলাই জিলা আবকাৰী বিভাগে এছ এছ বিৰ সহযোগত এখন চাৰিচ...

April 29, 2024 6:35 PM

গুজৰাটৰ পোৰবন্দৰত পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ, ১৪জন লোকক গ্ৰেপ্তাৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাটৰ পোৰবন্দৰত এটা যুটীয়া অভিযানত এখন পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰাৰ লগতে ১৪জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতীয় উপকূলৰক্ষী বাহিনী, গুজৰাট সন্ত্ৰাসবাদ বিৰোধী গোট আৰু মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰ’ৱে যৌথভাৱে নিশা এই অভিযান চলায়। অভিযানত আটক হোৱা লোককেইজনৰ সৈতে পাকিস্তানী নাওখন অধিক অনুসন্ধানৰ বাবে পোৰবন্দৰলৈ লৈ অহা হয়। উল্লেখযোগ্য যে, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ লগতে আন সংস্থাসমূহে বিগত তিনি বছৰৰ...