May 16, 2024 8:31 PM

কাৰ্বি আংলঙত বাৰ্মিজ চিগাৰেটসহ মহাৰাষ্ট্ৰৰ দুজন সৰবৰাহকাৰীক আটক

কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে আজি এখন ট্ৰাকৰ পৰা বাৰ্মিজ চিগাৰেটৰ ২৭টা কাৰ্টন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোক দুজন মহাৰাষ্ট্ৰৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা লোক দুজনে মণিপুৰৰ পৰা কলকাতালৈ চিগাৰেটসমূহ নিয়াৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে, ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আৰক্ষী আৰু চাপৰ থানাৰ আৰক্ষীৰ এটা দলে বহলপুৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীকো আটক কৰা হৈছে। বঙাইগাঁও জিলাৰ গোলাপাৰা প্ৰথম খণ্ড নিবাস...

April 4, 2024 6:49 PM

ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰঃ কেন্দ্ৰীয় চৰকাৰ

♦ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে, এই বাতৰিসমূহত ৫০০ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্রকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ আৰু অসূয়াপূর্ণ। ভেষজ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় ভেষজ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে প্ৰতি বছৰে পাইকাৰী মূল্য সূচ্যাংকৰ ভিত্তিত ঔষধৰ সৰ্বোচ্চ মূল্যৰ সাল-সলনি কৰে। মন্ত্ৰালয়ে কৈছে যে, ৭৮২ বিধ ঔষধৰ বৰ্তমানৰ সর...

April 4, 2024 1:23 PM

অভয়াপুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ২৫ টা হেৰ’ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক

♦ বঙাইগাঁও জিলাৰ অভয়াপুৰীত কালি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ২৫ টা হেৰ'ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীটো অভয়াপুৰীৰ ডুমুৰীয়া তৃতীয় খণ্ডৰ জাকিৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে, নগাঁৱৰ ৰূপহীহাটত আৰক্ষীয়ে অভিযান চলাই তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ মণিৰুদ্দিন নামৰ সৰবৰাহকাৰীক আটক কৰে। ইফালে, লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে কালি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা ম...