May 25, 2024 4:57 PM

ৰাষ্ট্ৰপতি মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভোটাধিকাৰ সাব্যস্ত

◊ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমক কয় যে, ভোটাধিকাৰ এটা দায়িত্ব আৰু ক্ষমতা। Read Now : ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল, সক্ৰিয় আৰু ফলদায়ক গণতন্ত্ৰ বুলিও তেওঁ লগতে কয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰ, হৰদ্বীপ পুৰ...

May 9, 2024 6:24 PM

ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়৷ কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। যোৱা ২২ এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৰে তিনিগৰাকী ব্যক্তিক পদ্মবিভূষ...

April 4, 2024 9:14 PM

views 1

মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত চি এ আৰ-টি চিকিৎসা ব্যৱস্থা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা ৰাষ্ট্ৰপতি মুৰ্মুৰ

♦ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত চি এ আৰ-টি চিকিৎসা ব্যৱস্থা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, অতিকে সুলভ আৰু বহনসাধ্য চি এ আৰ-টি কোষ চিকিৎসাই সমগ্ৰ মানৱ জাতিৰ বাবে আশাৰ নতুন ৰেঙণি কঢ়িয়াই আনিছে। ভাৰতৰ প্ৰথম জিন চিকিৎসা ব্যৱস্থাই অগণন ৰোগীক নতুন জীৱন প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীমতী মুর্মুৱে কয় যে, এই চিকিৎসা ব্যৱস্থা ৰূপায়ণৰ ফলত আটাইতকৈ ...

April 1, 2024 7:37 PM

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে বর্ষিয়ান নেতাগৰাকীৰ বাসগৃহলৈ গৈ তেওঁক এই সন্মানেৰে বিভূষিত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্রাক্তন উপৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু আদৱানীৰ পৰিয়ালৰ সদস্যসকল এই অনুষ্ঠানত উপস্থিত থাকে।