July 18, 2024 5:11 PM

ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্য্যকালৰ প্ৰথম বছৰৰ ৭৫ টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথমটো খণ্ড উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাৰ্য্যকালৰ প্ৰথম বছৰৰ ৭৫ টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথমটো খণ্ড আজি নতুন দিল্লীত উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত এই ই-বুকখন মুকলি কৰিব। কেন্দ্ৰীয় প্রকাশন বিভাগে এই গ্রন্থখন প্ৰকাশ কৰিছে। গ্ৰন্থখন হিন্দী আৰু ইংৰাজী ভাষাত মুকলি কৰা হ'ব।

July 11, 2024 2:45 PM

‘হাৰ ষ্টৰী – মাই ষ্টৰী’ শীৰ্ষক এলানি অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণ দিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ বেডমিণ্টন ক'ৰ্টত প্ৰসিদ্ধ খেলুৱৈ ছাইনা নেহৱালৰ সৈতে বেডমিণ্টন খেলাৰ কথাই তেওঁৰ ক্ৰীড়াৰ প্ৰতি থকা স্বাভাৱিক আকৰ্ষণৰ কথা প্ৰতিফলিত কৰে। বেডমিণ্টনৰ কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান বিশেষকৈ মহিলা খেলুৱৈসকলে বিশ্বৰ পৰ্যায়ত এটা বিশেষ আধিপত্য বিস্তাৰ কৰাৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ এই পদক্ষেপে সকলোকে অনুপ্রাণিত কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আজি বেডমিণ্টন তাৰকা ছাইনা নেহৱালে মহিলা পদ্ম বঁটা প্ৰাপকসকলক প্রতিফলিত কৰি আয়োজন কৰা ‘হাৰ ষ্টৰী – মাই ষ্ট...

July 10, 2024 2:42 PM

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত আজি পুৱা কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন লোক গুৰুতৰভাৱে আহত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই দুৰ্ঘটনাটোৰ বাবে অতিশয় শোক পোৱা বুলি প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ সদস্যসকললৈ গভীৰ সমবেদনা ব্যক্ত কৰে। তদুপৰি তেওঁ দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ...

July 6, 2024 8:10 PM

আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে ভূৱনেশ্বৰত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি গৃহ ৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্ৰীমতী মুৰ্মুক ওড়িশাৰ ৰাজ্যপাল ৰঘূবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়৷ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ’বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু সুদৰ্শনৰ ৰথ যাত্ৰা চাব। শ্রী মতী মুৰ্মু আজি সন্ধিয়া ভূৱনেশ্বৰত হ’বলগীয়া উৎকলমানী পণ্ডিত গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থি...

July 6, 2024 5:04 PM

৪ দিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি গৃহ ৰাজ্য ওড়িশালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ'বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু সুদৰ্শনৰ ৰথ যাত্ৰা চাব। ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী মতী মুর্মু আজি সন্ধিয়া ভূৱনেশ্বৰত হ'বলগীয়া উৎকলমানী পণ্ডিত গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব। এই ভ্ৰমণকালত তেওঁ ভুবনেশ্বৰৰ উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰিব। সোমবাৰে তেওঁ বিভূতি কাননগু কলেজ আৰু উৎকল সাংস্কৃতিক ...

June 27, 2024 8:01 PM

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছেঃ ৰাষ্ট্ৰপতি মুর্মু

লোকসভা আৰু ৰাজ্যসভাৰ যৌথ বৈঠকত কার্যবিধি কিছুসময়ৰ বাবে অব্যাহত থকাৰ পাছত আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ভাষণ দি কয় যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছে। তেওঁ কয় যে অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পর্যায়ক্রমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত তেওঁ কয় যে...

June 27, 2024 6:59 PM

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছে। ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে লগতে কয় যে অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পর্যায়ক্রমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। আজি সংসদ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দি তেওঁ কয় যে, জনসাধাৰণে এইবাৰ অনুধাৱন কৰিছে যে চৰকাৰেহে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে...

June 15, 2024 1:44 PM

ৰাষ্ট্ৰপতি ভৱনত ওড়িশাৰ কৃষিভিত্তিক উৎসৱ ৰাজা পৰ্বত ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে পৰহি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ওড়িশাৰ কৃষিভিত্তিক উৎসৱ ৰাজা পৰ্বত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজা গীত, ময়ুৰভঞ্জ ছাউ নৃত্য, সম্বলপুৰী নৃত্য, কৰ্মা নৃত্য আদি সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হয়। ৰাষ্ট্ৰপতি ভৱনত প্ৰথমবাৰৰ বাবে ৰাজা পৰ্ব উদযাপন কৰা হয়। এই উদযাপনে ওডিয়া সংস্কৃতি আৰু জীৱনশৈলীৰ এক অনন্য আভাস প্ৰদান কৰে। প্ৰতিবছৰে বাৰিষাৰ আৰম্ভণিৰ সময়তে তিনিদিনীয়াকৈ এই কৃষিভিত্তিক উৎসৱ পালন কৰা হয়।

June 8, 2024 1:22 PM

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ

প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এ-ৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে।...

June 1, 2024 8:41 PM

পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুমুৱে আজি সামাজি মাধ্যমযোগে কয় যে, ৰীমাল ধুমুহাৰ ফলত ধন-জন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ স্থানান্তৰ কৰিবলগীয়া হোৱা ঘটনাই তেওঁক ব্যাথিত কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশ এই প্রাকৃতিক বিপর্যয়ৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সৈতে আছে। তেওঁ লগতে উদ্ধাৰ আৰু সাহাৰ্য প্ৰয়াসৰ সফল্য কামনা কৰে আৰু শীঘ্ৰে...