May 29, 2024 7:40 PM
আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ৰুদ্ৰ-M2 ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা-ডিআৰডিঅ'ই আজি উড়িশাৰ ভাৰতীয় বায়ু সেনাৰ এছ ইউ-থাৰটি এম কে ওৱান মঞ্চৰ পৰা আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ৰুদ্ৰ এম টু ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে পৰীক্ষণৰ সকলো উদ্দেশ্যে পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। ৰুদ্ৰ-এম টু থলুৱাভাৱে বিকশাই তোলা ক্ষেপনাস্ত্র প্রণালী। ডি আৰ ডি অ'ৰ বিভিন্ন পৰীক্ষাগাৰত বিকশাই তোলা ভালেসংখ্যক অত্যাধুনিক প্রযুক্তি এই ক্ষেপনাস্ত্র প্রণালীত প্ৰয়োগ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰন্দ্ৰ-এ...