September 25, 2024 6:23 PM
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকী উপলক্ষে আজি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে, ৰাষ্ট্রবাদী মহান পণ্ডিতগৰাকীয়ে আৰম্ভ কৰা অন্ত্যোদয়াৰ অৱধাৰণাই উন্নত ভাৰতবৰ্ষৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দেশৰ প্ৰতি পণ্ডিত দীনদয়াল উপাধ্যায়ে আগবঢ়াই থৈ যোৱা নিষ্ঠা আৰু সেৱা চিৰস্মৰণীয় হৈ ৰ'ব বুলিও তেওঁ মত প্ৰকাশ কৰে। ...