June 27, 2024 7:44 PM

ডিব্ৰুগড় নগৰত বিভিন্ন ঠাইত অবৈধভাৱে ঠাই দখল কৰি ব্যৱসায় চলোৱা দোকান-পোহাৰ উচ্ছেদ পৌৰনিগমৰ বিষয়াৰ

নৱগঠিত ডিব্ৰুগড় পৌৰনিগমৰ বিষয়াসকলে আজি নগৰখনৰ বিভিন্ন ঠাইত অভিযান চলাই অবৈধভাৱে ঠাই দখল কৰি ব্যৱসায় চলাই থকা দোকান-পোহাৰ উচ্ছেদ কৰে। জিলা আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত চলোৱা এই অভিযানত শান্তিপাৰাৰ সমীপৰ ৰ’টাৰী ৰোডৰ ফুটপাথটো বেদখল মুক্ত কৰে।

June 15, 2024 11:08 AM

ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই সন্দৰ্ভত আয়োজিত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে, প্রশাসনিক ব্যৱস্থাটোক ৰাজ্যৰ জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰয়াসৰ অংশ হিচাপে এই ক্ষুদ্র সচিবালয় স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক অহা ১৫ আগষ্টৰ ভিতৰত ইয়াৰ কাম- কাজ সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আদিকে ধৰি উজনি অসমৰ জি...

June 13, 2024 6:54 PM

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াৰ বুজ লয়। তেওঁ বিশেষকৈ মোহনাঘাট, মাটিকটা, আইথান আৰু বগীবিলৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। খৰালী অহাৰ পূৰ্বেই খহনীয়া অব্যাহত হৈ থকা অঞ্চলসমূহত কেইবাখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আজি অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰমে নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ধেমাজি, জোনাই ভূমি সংৰক্ষণ সংমণ্ডলৰ অধীনত উত্তৰ নলবাৰী অঞ্চলত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম পৰিদৰ্শন কৰ...

June 10, 2024 7:07 PM

ডিব্ৰুগড়ত প্রধানমন্ত্রী ফচল বীমা যোজনাৰ লাভালাভ সম্পৰ্কত বিভিন্ন সজাগতামূলক অভিযান অব্যাহত

ডিব্ৰুগড় জিলাৰ কৃষি বিভাগে কৃষকসকলক প্রধানমন্ত্রী ফচল বীমা যোজনাৰ লাভালাভ সম্পৰ্কে অৱগত কৰিবলৈ বিভিন্ন সজাগতামূলক অভিযান অব্যাহত ৰাখিছে। কৃষি বিভাগে এই আঁচনিৰ অধীনত জয়পুৰ মহকুমাৰ মুৰহানী গাঁও আৰু নাহৰকটীয়াত কৃষি চক্ৰৰ ধদুমিয়া গাঁও পঞ্চায়ত অন্তৰ্গত কৃষকসকলক পঞ্জীয়নৰ সুবিধার্থে আজি এটা শিবিৰ অনুষ্ঠিত কৰে।

June 8, 2024 2:25 PM

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ খছৰা প্ৰস্তুত সন্দৰ্ভত বৈঠক

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ খছৰা প্ৰস্তুত সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত তিনিচুকীয়া, ধেমাজী, লখিমপুৰ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সমন্বিত জনজাতীয় উন্নয়ন প্ৰকল্পৰ প্ৰকল্প সঞ্চালকসকলৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলা আয়ুক্ত তথা অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সীমা নির্ধাৰণ সন্দৰ্ভত যিকোনো ধৰণৰ ওজৰ আপত্তি ৩০ জুনৰ ভিতৰত দাখিল কৰিব লাগিব আ...

May 11, 2024 6:24 PM

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকীক বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসমীয়া সাহিত্যৰ সম্প্ৰতি ভাল দিন চলি আছে। অসমীয়া সাহিত্য বৰ্তমান বিশ্ব স্তৰতো পৰিচিত উল্লেখয...

May 8, 2024 8:16 PM

ঐতিহাসিক ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰি অহা ঐতিহাসিক ডিব্ৰুগড় চহৰ এইবাৰো খহনীয়াৰ সমস্যাৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। চলিত বৰ্ষত ১২টাকৈ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে ক্ৰমাৎ চহৰখনৰ আৱাসীসকলৰ সমস্যাৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত মাইজান অঞ্চলৰ মূল মথাউৰি ইতিমধ্যে স্থানান্তৰ কৰিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ মূল সুঁতি একেবাৰে চাপি অহাৰ ফলত খৰালি কালতো গৰাখহনীয়াৰ সমস্যাই দেখা দিছে। ইপিনে, দুলীয়াজান বিধানসভা সমষ্টিৰ দিহিং কিনাৰ নেপালী গাঁৱত বুঢ়ী দিহিং নৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা...