September 12, 2024 1:22 PM

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাৰ যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাই যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন কৰে। ভুৱা ট্রেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছৰেপৰা চুমি বৰা পলাতক অৱস্থাত আছিল। আত্মসমৰ্পনৰ পাছতে এছ টি এফে চুমিক জিম্মাত লয়।

September 12, 2024 10:10 AM

ডিব্ৰুগড়ত বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ অধিসূচনাযোগে খচৰা

■ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি জিলাখনৰ বাবে বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত এখন অধিসূচনাযোগে খচৰা জিলা জৰীপ প্রতিবেদন প্ৰকাশ কৰিছে। বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিব্ৰুগড়ৰ কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ ৱেবছাইটত এই খচৰা জিলা জৰীপ প্রতিবেদন উপলভ্য হ'ব। এই খচৰা সন্দৰ্ভত পৰামৰ্শ, মতামত অথবা ওজব-আপত্তি থাকিলে লিখিত আবেদন বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিব্ৰুগড়ৰ ই-মেইল আইডিত দাখিল কৰিব লাগিব। আবেদন দাখিল কৰাৰ অন্তিম দিন ...

September 7, 2024 7:47 PM

অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত

ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কার্যক্রম ডিব্ৰুগড়ৰ উদ্যোগত আজি অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে এটা বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। বেংগালুৰুৰ নাৰায়ণা হৃদয়ালয়াৰ ৬ জন বিশেষ শিশু চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউৰ লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হোৱা শিশুসকলৰ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। প্ৰায় ৩০০ৰো অধিক শিশুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন...

September 5, 2024 6:32 PM

কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্র সচিবালয় মুকলি কৰিব

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্ৰকল্প ধাৰাবাহিক পর্যবেক্ষণ আৰু স্থা...

September 5, 2024 6:29 PM

ডিব্ৰুগড়ৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

September 5, 2024 12:34 PM

কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্রকল্প ধাৰাবাহিক পর্যবেক্ষণ আৰু স্থা...

August 6, 2024 9:07 PM

ডিব্ৰুগড় জিলাত ই-শ্ৰম প’ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলৰ ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ২০২১ চনৰ আগষ্ট মাহৰ পৰা ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত ডিব্ৰুগড় জিলাত ই-শ্ৰম প'ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলে ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰবৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়াৰ অধ্যক্ষতাত পর্যবেক্ষণ সমিতিৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। সভাত ২৩৬ গৰাকী হিতাধিকাৰীয়ে দাখিল কৰা আবেদনসমূহ চালি-জাৰি চোৱা হয়। ডিব্ৰুগড় জিলাত যাতে এগৰাকীও হিতাধিকাৰী বাদ নপৰে, সেই ক্ষে...

July 20, 2024 7:38 PM

ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ অন্তৰ্গত এলেকাৰ উন্নয়ন সন্দৰ্ভত আঁচনি প্ৰস্তুত কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, অসমৰ নদীপৃষ্ঠসমূহৰ বহনক্ষমতা ক্ৰমাৎ কমি আহিছে। এই ক্ষমতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ পৰিবহন বিভাগৰ ...

July 18, 2024 8:42 PM

টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি

ডিব্ৰুগড় টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি পৰে। নতুন প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টি ভাওনাৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। যোৱা ২ জুলাইৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত বিকাশ বৰুৱা আৰু সৌৰভ চেতিয়াই প্রশিক্ষার্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

July 13, 2024 1:15 PM

চিমেন নৈত পিছলি পৰি ছাত্ৰ সন্ধানহীন

● ডিব্ৰুগড় জিলাৰ জ্ঞান-বিজ্ঞান একাডেমীৰ বাণিজ্য শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অজিতেজ হাজৰিকা নামৰ ছাত্ৰজন কালি চিমেন নৈত পিছলি পৰি সন্ধানহীন হয়। বন্ধুৰ সৈতে ফুৰিবলৈ অহা ছাত্ৰগৰাকীয়ে চিমেন নৈত ফটো তুলিবলৈ যাওতেই দূৰ্ঘটনাটো সংঘটিত হয়। সন্ধানহীন হৈ থকা ছাত্ৰজনক বিচাৰি এছ ডি আৰ এফৰ দলে চিমেন নদীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।