August 16, 2024 1:14 PM
ধুবুৰীত বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এক ভয়ানক পথ দুর্ঘটনা সংঘটিত
ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰীবাৰী মহামায়াত বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ানক পথ দুর্ঘটনা সংঘটিত হয়। এই সংঘর্ষত তিনি বাইক আৰোহীসহ ৬জন আৰোহী গুৰুত্বৰভাৱে আহত হয়। আহত কেইজনক আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাব বাবে প্ৰেৰণ কৰে ৷ আনহাতে চাপৰৰ ধীৰঘাটৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি বাইক আৰু চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়। আহত কেইজনক উন্নত চিকিৎসাব বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷